জল জীৱন মিছনৰ শুভাৰম্ভ বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাৰ

জল জীৱন মিছনৰ শুভাৰম্ভ বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাৰ

ভোকালীকান্দা পাইপ পানী যোগান আঁচনিত নতুন অভিলাক্ষী আঁচনি জল জীৱন মিছনৰ শুভাৰম্ভ বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাৰ।

ভাৰত বর্ষত প্ৰত্যক ঘৰৰ লোকে বিশুদ্ধ খোৱা পানী খাব পৰাকৈ ২০১৯ চনৰ ১৫ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা জল জীৱন মিছন বৰ্তমান সমগ্ৰ ৰাজ্যত ইয়াৰ আদৰ আৰু গুৰুত্ব ক্ৰমান্নয়ে বাঢ়ি যোৱাৰ পৰিলক্ষিত হৈছে।

সেই অনুসাৰে আজি ওদালগুৰি জিলাৰ কলাইগাওঁ থানাৰ অন্তৰ্গত ১৯৮৫ চনতে স্থাপিত হোৱা টংলা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটিত নতুন অভিলাক্ষী আঁচনি জল জীৱন মিছনৰ শুভাৰম্ভ কৰে বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাই।

উক্ত জল জীৱন মিছন আঁচনিটি শুভ উদ্বোধন কৰি দিগন্ত বৰুৱাই কয় যে ৰাইজৰ সুবিধাৰ্থে পুনৰ জল জীৱন মিছনৰ জৰিয়তে ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটি উৎজীবিত কৰা হল, যাতে প্ৰত্যেক ঘৰৰ মানুহে বিশুদ্ধ খোৱা পানী সেৱন কৰি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হয়।

উক্ত আঁচনিটি সঠিক ভাবে পৰিচালিনাৰ বাবে এখন সক্ৰিয় পৰিচালনা সমিতি গঠন কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

শুভাৰম্ভ অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে কলাইগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিজন্তা যোগান চৌধুৰী, টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিজন্তা মৃদুল বৰুৱা আৰু কলাইগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিজন্তা দিব্যজ্যোতি বৰ্মনে।

■ ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।