জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অসামৰিক লোকক আক্ৰমণ 

Pc- daily Excelsior

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অসামৰিক লোকক আক্ৰমণ 

অনলাইন বাৰ্ত্তাসেৱা-  জম্মু কাশ্মীৰৰ  শ্রীনগৰৰ সংগম ঈদগা অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত সন্ত্রাসবাদীয়ে দুগৰাকী শিক্ষকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। সন্ত্রাসবাদীৰ গুলীত নিহত হোৱা শিক্ষক দুগৰাকী হৈছে দীপক চান্দ আৰু বিদ্যালয়খনৰ অধ্যক্ষ সুপুন্দৰ কৌৰ। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, এই ঘটনাৰ পিছতেই নিৰাপত্তা বাহিনীয়ে সমগ্র অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰিছে। দুদিন পূর্বে সন্ত্রাসবাদীয়ে বিশিষ্ট ফার্মাচিষ্ট মাখলাল বিন্দুসহ ৩জন লোকক পৃথক স্থানত গুলীয়াই হত্যা কৰিছিল। সন্ত্ৰাসবাদীয়ে এনেদৰে নিৰীহ লোকক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে যদিও মূলতঃ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ বিৰুদ্ধেহে এই হিংস্ৰ পথ গ্ৰহণ কৰা।