টংলাৰ যুৱক বিজিত বনিয়াৰ প্ৰশংসনীয় পদক্ষেপ

টংলাৰ যুৱক বিজিত বনিয়াৰ প্ৰশংসনীয় পদক্ষেপ

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা টংলাৰ নিবাসী বিজিত বনিয়াৰ এক প্ৰশনংসনীয় পদক্ষেপ । যিতু সময়ত যুৱক যুৱতিয়ে চাকৰী তথা কৰ্মসংস্থাপন বিছাৰী হাবাথুৰী খাই ফুৰিছে তেনে সময়ত টংলাৰ এজন যুৱকে মীন পালন কৰি স্বাৱলম্বী হৈ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখ্য যে ২০২১ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহাস্থিত মীন বিদ্যাল্যৰ পৰা সুখ্যাতিৰে মীন বিভাগত স্নাতকোত্তৰ হোৱা বিজিতে বৰ্তমান নামি পৰিছে আত্ম সংস্থাপনত। জৈৱপঞ্জু কৌশলৰে মীন পালন আৰু মাগুৰ মাছৰ পোনা উৎপাদনত সফলতাৰ ধাৰা অব্যাহত ৰাখিছে।  শেহতিয়াকৈ নামি পৰিছে মাছৰ পৰা ৰুচিব্যঞ্জক খাদ্য প্ৰস্তত কৰি (Aquatica) নামে বজাৰত ওলাই দিছে মাছৰ আচাৰ । যাক লৈ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ি টংলাৰ যুৱক বিজিত বনিয়াৰ মাছৰ আচাৰৰ সুস্বাদ লোৱাৰ লগতে বিজিতৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰাৰ লগতে আৰু অধিক স্পৃহাৰে কামত মনোনিৱেশ দি আগুৱাই যাবলৈ অভিনন্দন ও সুভেচ্চা জ্ঞাপন কৰা দেখা যায়।।