‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ ‘আমাৰ পদূলি আমাৰ গৌৰৱ’ শুভাৰম্ভণি অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ১২ জানুৱাৰীত নৱজাগৰণ সংঘ প্ৰাংগনত ‘আমাৰ পদূলি আমাৰ গৌৰৱ’ শীৰ্ষক সজাগতামূলক অভিযানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷সদস্য গকুল বৰুৱাই আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন অধ্যাপক ড° কমল শৰ্মাই পৌৰোহিত্য কৰে৷সংস্হাৰ সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ দিয়ে সদস্য মদন মোহন তালুকদাৰে৷সভাত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ধীৰেনপাৰাস্থিত ’দেবেন খাখলাৰী’ উপপথটো মুকলি কৰাৰ পাছতে ’জনসেৱা’ই লোৱা কাৰ্যসূচীৰ লগতে গোহাৰি পত্ৰ উন্মোচন কৰি গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন দিশ বিশদভাৱে ব্যক্ত কৰে৷সভাত ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী,১৫ নং ৱাৰ্ডৰ পাৰিষদ সৌৰভ ঝুনঝুনৱালা,২০ নং ৱাৰ্ডৰ পাৰিষদ গৌৰ গোপাল মন্দল,২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰীয়ে ভাষণ দিয়ে৷সভাত ’জনসেৱা’ৰ সভাপতি কুমুদ শৰ্মা,সদস্য নৱপ্ৰসাদ শৰ্মা,নৱজাগৰণ সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰী,সম্পাদক প্ৰদীপ কলিতা আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অঞ্চল সমূহৰ সমস্যা সমাধান কৰাৰ বাবে মেয়ৰৰ লগতে পাৰিষদসকলক আহ্বান জনায়৷শলাগৰ শৰাই আগবঢ়াই সদস্য জ্যোতিষ ঠাকুৰীয়াই৷