ছিপাঝাৰ সমষ্টিৰ  বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ ছিপাঝাৰৰ এখন ৰাজহুৱা সভাত অংশ 

Pc- twitter

ছিপাঝাৰ সমষ্টিৰ  বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ ছিপাঝাৰৰ এখন ৰাজহুৱা সভাত অংশ 

ৰঙিলী বাৰ্ত্তাসেৱা- ছিপাঝাৰৰ দক্ষিণ চুবুৰিত এখন বিশেষ ৰাজহুৱা সভাত অংশ লৈ ছিপাঝাৰ সমষ্টিৰ  বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে অৱগত কৰাৰ লগতে ছিপাঝাৰৰ গৰুখুঁটিত আৰম্ভ কৰা ‘গৰুখুঁটি কৃষি প্ৰকল্পৰ প্ৰসংগ বিশেষভাৱে কয়। এই সভাতে বিধায়কগৰাকীয়ে কয় যে ‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন নতুন অসম গঢ়াৰ পৰিকল্পনা চলিছে। যিখন অসমত প্ৰতিগৰাকী খিলঞ্জীয়া লোকক মর্যাদা সহকাৰে জীয়াই থকাৰ ব্যৱস্থা কৰা হ’ব। সেয়েহে আমি সকলোৱে মিলি মুখ্যমন্ত্ৰীগৰাকীক সহযোগ কৰিব লাগে।’বিধায়ক গৰাকীয়ে ধলপুৰৰ উচ্ছেদ সন্দৰ্ভত কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে ন্যায়ালয়ত গোচৰ তৰা সন্দৰ্ভতো সৰৱ হৈ পৰে। ধলপুৰৰ বুকু তিৰাশীত যেতিয়া ১৯গৰাকী খিলঞ্জীয়াৰ তেজেৰে ৰক্তাক্ত হৈছিল, তেতিয়া এইসকল বুদ্ধিজীৱী ক’ত আছিল বুলিও প্ৰকাশ কৰে। চৰকাৰী দায়িত্ব পালন কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰা লোক দুজন নিহত হোৱাৰ পিছত সমগ্ৰ পৰিৱেশটোকেই আন ৰূপ দিয়া বুদ্ধিজীৱীসকল খিলঞ্জীয়াৰ বিপদৰ সময়ত মৌন হৈ থাকে বুলিও তাৎপর্যপূর্ণ মক্তব্য আগবঢ়ায়।