মুকলিৰ মাত্ৰ কেই দিনমানৰ পিছতেই ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুত পিক 

Pc- time8news

মুকলিৰ মাত্ৰ কেই দিনমানৰ পিছতেই ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুত পিক 

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুত মুকলিৰ মাত্ৰ কেই দিনমানৰ পিছতেই একাংশ লোকে পিক পেলাই কদৰ্য কৰি তোলা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ পিছত সৌন্দৰ্যবৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক আহ্বান জনোৱাৰ  পিছতেই একাংশ লোকে উৰণীয়া সেতুত পিক পেলাই পৰিৱেশ বিনষ্ট কৰাত সচেতন লোকে ক্ষোভ প্রকাশ কৰে। তদুপৰি উৰণীয়া সেতুত কিছুমান ব্যবসায়ীয়ে পোষ্টাৰ আঁৰি সেতুখনৰ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মাইছে। যি সময়ত উৰণীয়া সেতুখন প্রত্যক্ষ কৰাৰ লগতে ছেলফি উঠিবলৈ অগণন লোকে ভিৰ কৰিছে, সেই সময়তে নির্লজ্জ লোকে পিক পেলাই উৰণীয়া সেতুখন লেতেৰা কৰি পেলোৱাত চিত্রশিল্পীসকলে ক্ষোভ প্রকাশ কৰি চৰকাৰক এইক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। উৰণীয়া সেতুখনত একাংশ চিত্রশিল্পী উপস্থিত হৈ হাতেৰে পিক আদি মচি মহানগৰবাসীলৈ এক বার্তা প্ৰেৰণ কৰে। অনাগত দিনত যাতে কোনো লোকে এই সেতু খনত পিক আদি পেলাই কদর্য নকৰে, তাৰ বাবে শিল্পীসকলে ৰাইজক আহ্বান জনায়। ই