ফিনলেণ্ডত  বৃহৎ পৰিমাণৰ গুপ্তধনৰ সন্ধানত ‘টেম্পল টুৱেলভ’ নামৰ দলটো

PC- the kashmir monitor

ফিনলেণ্ডত  বৃহৎ পৰিমাণৰ গুপ্তধনৰ সন্ধানত ‘টেম্পল টুৱেলভ’ নামৰ দলটো

ৰঙিলী বাৰ্ত্তাসেৱা- ‘টেম্পল টুৱেলভ’ নামৰ দলটোৱে ফিনলেণ্ডত  বৃহৎ পৰিমাণৰ গুপ্তধনৰ সন্ধানত খনন কাৰ্য আৰম্ভ কৰিছে। প্ৰতিবেদন অনুসৰি লেমিনকাইনেন হ’র্ড নামেৰে পৰিচিত এই গুপ্তধনৰ ভাণ্ডাৰত আছে সোণ, ৰূপ, বিভিন্ন অলংকাৰ আৰু শৈল্পিক সামগ্রী। ১৯৮৭ চনৰ পৰা এই বৃহৎ পৰিমাণৰ ধন-সোণৰ বাবে সন্ধান চলাই থকা হৈছে।মুঠ ২০০০ কোটি ডলাৰ মূল্যৰ ধন ইয়াত থকা বুলি ধাৰণা কৰা হৈছে। গৱেষক তথা ইতিহাসবিদসকলৰ মতে ইয়াত ৫০ সহস্ৰাধিক বিভিন্ন ৰত্ন আছে।প্ৰাচীন শৈল্পিক সামগ্রী ভৰ্তি হৈ আছে এই ভাণ্ডাৰত। ৩৪ বছৰ ধৰি টেম্পল টুৱেল্‌ভে পৰিশ্ৰম কৰাৰ অন্তত এতিয়া এই গুপ্তধনৰ ভাণ্ডাৰৰ একেবাৰে ওচৰ চপা বুলি দাবী কৰিছে। অৱশ্যে এতিয়াও ইতিহাসবিদসকলে এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই। ৰাছিয়া, অষ্ট্ৰেলিয়া, আমেৰিকা, ছুইডেন, নৰৱে, জাৰ্মানী আৰু নেদাৰলেণ্ডৰ নাগৰিকৰ দ্বাৰা গঠিত গুপ্তধনৰ সন্ধানকাৰী এই টেম্পল টুৱেলভ।