চেভ ভৰলু অভিযানৰ ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতা

চেভ ভৰলু অভিযানৰ ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  চেভ ভৰলু অভিযানৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ সুডমাৰ্চন হলত অনুষ্ঠিত হ’ব ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতা।কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন অধ্যাপক অৰূপ জ্যোতি চৌধুৰীৰ অধ্যক্ষতাত অুনষ্ঠিত হ’বলগীয়া তৰ্ক প্ৰতিযোগিতাৰ মাধ্যম অসমীয়া আৰু ইংৰাজী। তৰ্ক প্ৰতিযোগিতাৰ বিষয়- সদনৰ মতে ‘ইট ইজ প্ৰাইমাৰিলি দ্য ৰেছপনছিবিলিটী অৱ দ্য চিটিজেনছ টু প্ৰিভেন্ট দ্য কনটিনুৱাছ ডিগ্ৰেদেশ্বন অৱ ৰিভাৰ ভৰলু এন্দ ৰিজুভিনেট ইট টু ইটছ পাষ্ট গ্লৰি’ ‘বহু দশক জুৰি চলি অহা, ভৰলু নৈৰ অৱক্ষয় ৰোধ কৰি, ইয়াক  পুনৰুজ্জীৱিত কৰি তোলাৰ দায়িত্ব মূলতঃ মহানগৰবাসীৰ’৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷