চি বি এছ ইৰ অধীনত অসমৰ ১২৬টা বিধানসভা সমষ্টিতে আদর্শ বিদ্যালয় স্থাপন

Pc The Sentinel Assam

চি বি এছ ইৰ অধীনত অসমৰ ১২৬টা বিধানসভা সমষ্টিতে আদর্শ বিদ্যালয় স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত প্ৰকাশ কৰে যে চৰকাৰে অসমৰ ১২৬টা বিধানসভা সমষ্টিতে চি বি এছ ইৰ অধীনত আদর্শ বিদ্যালয় স্থাপন কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনৰ প্ৰশ্নোত্তৰ কালত কয়  যে বিদ্যালয় একত্ৰীকৰণৰ পাছত খালী হোৱা বিদ্যালয় চৌহদসমূহ চৰকাৰৰ হাতলৈ আহিব। এই চৌহদ ভাৰাঘৰত চলি থকা আন চৰকাৰী কাৰ্যালয়সমূহে ব্যৱহাৰ কৰিব৷ তদুপৰি যিবোৰ বিদ্যালয়ৰ ভাল আন্তঃগাঁথনি আছে আৰু একত্ৰীকৰণৰ ফলত সেই চৌহদ খালী হৈছে, তাত চি বি এছ ইৰ অধীনত স্থাপন কৰিবলগীয়া আদর্শ বিদ্যালয় আৰম্ভ কৰা হ’ব। ছাত্র-ছাত্রী অনুপাতে শিক্ষক নিয়োগৰ বাবে অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা শিক্ষা বিভাগে পদক্ষেপ গ্রহণ কৰিব বুলিও সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়। কম ছাত্র-ছাত্রী থকা বিদ্যালয়ৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক অধিক ছাত্র-ছাত্রী থকা বিদ্যালয়লৈ বদলি কৰা হ’ব।শৈক্ষিক মান উন্নীত কৰাৰ বাবে শিকন ঘাটি চিনাক্তকৰণ, মুক্ত শৈক্ষিক সমল প্ৰস্তুতকৰণ আৰু বিদ্যালয়সমূহৰ বিতৰণ, শিক্ষকৰ প্রশিক্ষণ, শিকন-শিক্ষণ সমলৰ প্ৰস্তুতকৰণ, নিদানমূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। নতুন শিক্ষা নীতি আৰম্ভ হ’লে অংগনৱাড়ী কেন্দ্ৰসমূহ য’ত যেনেকৈ আছে, তেনেদৰে থাকিব বুলি স্পষ্ট কৰি দিয়ে।