গুৱাহাটী প্ৰেছ ক্লাবত দৃশ্য শ্ৰৱ্যৰ সঁফুৰা উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত দৃশ্য শ্ৰৱ্যৰ সঁফুৰা উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  সামাজিক,সাংস্কৃতিক বেচৰকাৰী অনুষ্ঠান স্বৰলিপিৰ প্ৰযোজনাত স্বৰলিপিৰ সংগীত বিভাগৰ প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা ’কথাৰ সাগৰ’ শ্ৰীশ্ৰী গোপাল দেৱ আতা বিৰচিত ’সেহু মন ভজহো মন’ গীতটি স্বৰলিপিৰ সদস্যৰ সহযোগত কন্ঠশিল্পী ৰূপজ্যোতি দেৱীয়ে কন্ঠদান কৰে৷উক্ত গীতৰ দৃশ্য শ্ৰৱ্যৰ সঁফুৰা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে সংগীত নাটক একাডেমী পুৰস্কাৰপ্ৰাপ্ত ৰামকৃষ তালুকদাৰ আৰু বিশিষ্ট লেখিকা মনিকুন্তলা ভট্টাচাৰ্যই৷বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা,গীতিকাৰ মঞ্জুলা হাজৰিকা,সংগীত শিল্পী পৱন বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে৷স্বৰ্ণালী দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিল্পী জে পি দাস,জীনা ৰাজকুমাৰী,অনিতা শৰ্মা,উপাসনা মহন্ত,ববী মহন্ত,  জ্বলি লস্কৰ,নমিতা ভট্টাচাৰ্য,গায়ত্ৰী হাজৰিকা,সূৰ্য গোস্বামী,শান্তনু গোস্বামী,স্বৰলিপিৰ মামনি গোস্বামী,পল্লৱী চৌধুৰী,লক্ষিমা গোস্বামী,অসীমা চেতিয়া,নাইচমা বি ৰেমান,মিতালী গগৈ,মনিদীপা নেওগ,শ্ববনম নেওগ,ৰুবী বৰদলৈৰ লগতে সহাৰি ফাউন্দেশ্বনৰ সদস্য উপস্হিত থাকে৷গীতটিৰ পৰিকল্পনা আৰু পৰিচালনা অঞ্জনা গগৈ,সংগীত ব্যৱস্হাপক ঋতম চাংকাকতি,বাদ্যযন্ত্ৰী শিল্পী ভাস্কৰজ্যোতি ডেকাৰ৷গুৱাহাটীৰ ’ফিল্ম ক্ৰাফট ষ্টুডিঅ’ত বাণীবন্ধন হোৱা গীতটিৰ সংগীত সংমিশ্ৰণ যতিন শৰ্মাৰ৷দৃশ্যাংশৰ পৰিচালনা উপাসনা মহন্ত,সম্পাদনা ঝুলন কৃষ মহন্তৰ৷