গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন- সাহিত্যানুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন- সাহিত্যানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ডিভাইন হেন্দ ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনে গ্ৰন্থক জনপ্ৰিয়কৰণৰ দীৰ্ঘকালিন প্ৰচেষ্টাৰ অংশ হিচাপে ড° হদয় ৰঞ্জন দাসৰ ‘প্ৰেমৰ গংগাজানো শুকায়’ ‘সেন্দুৰীয়া বাটে বাটে’ আৰু দীপাঞ্জলি চেতিয়া গগৈৰ ‘অনুভৱৰ অলকানন্দা’ গ্ৰন্থ  গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷সম্পাদক মোহন দত্তই আঁত ধৰা সভাত পৌৰোহিত্য কৰে সভাপতি প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই৷সভাত কবি,সমাজসেৱক সবিতা দেৱীয়ে উন্মোচনী ভাষণত কয়-সৃষ্টিৰ আৰম্ভণিৰ পৰা কবিতাৰ সৃষ্টি হৈছে৷ এখন কিতাপ এটি সন্তানৰ দৰে৷লিখিত সাহিত্যত আমি অসমীয়া ভাষা শুদ্ধকৈ লিখিব লাগে৷সমাজ সংগঠক,শিক্ষয়িত্ৰী আৰতি কলিতাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাত বিশিষ্ট কবি বিনয় কুমাৰ শৰ্মাই ভাষণ দিয়ে৷সভাত কবি আঞ্জুমাৰা হুছেইনৰ লগতে কেইবাজনো কবিয়ে কবিতা পাঠ কৰে৷চিকিৎসক ডা° কৰবী গোস্বামী,প্ৰীতি ৰেখা সভাপন্দিতে গীত পৰিৱেশন কৰে৷