চানডুবি উৎসৱ-২০২৫ ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
চানডুবিৰ সংৰক্ষণৰ দিশত মিলিত প্ৰচেষ্টাৰে পদক্ষেপ লোৱা হ’ব-মন্ত্ৰী দাস
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ পৰ্যটন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কামৰূপ জিলাৰ ৰাজাপাৰাত যোৱা পহিলা জানুৱাৰীৰ পৰা ৫দিনীয়াকৈ আয়োজিত চানডুবি উৎসৱ -২০২৫ ত উপস্থিত হৈ ইয়াৰ উদ্যোক্তা , স্থানীয় জনসাধাৰণ, পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি চানডুবি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পাৰিপাৰ্শ্বিক পৰ্যটনৰ বিকাশৰ দিশত ল’বলগীয়া বিভিন্ন বিষয়ৰ আলোচনা কৰে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী দাসে প্ৰকৃতিৰ ৰম্যভূমি চানডুবি বিলৰ জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ উদ্দেশ্যে আৰম্ভ হোৱা ‘চানডুবি উৎসৱ’ ত উপস্থিত হৈ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ সম্ভাৰ উপভোগ কৰি যথেষ্ট আনন্দিত হৈছে বুলি কয়৷ আগন্তুক দিনত ‘চানডুবি বিল’ ক নৱৰূপেৰে সজাই পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে৷ এই উৎসৱ পৰিদৰ্শন কালতে মন্ত্ৰী গৰাকীয়ে উৎসৱৰ প্ৰাণকেন্দ্ৰ চানডুবি বিল পৰিদৰ্শন কৰি ইয়াৰ পৰিৱেশতন্ত্ৰৰ বুজ লয়। ইয়াৰ পিছতে উৎসৱস্থলীত উপস্থিত থকা সাংবাদিকৰ সৈতে হোৱা মত -বিনিময়ত এই বছৰৰ পৰা চানডুবি উৎসৱ অনুষ্ঠিত কৰাৰ দিশত বছৰি ৫০ হেজাৰ টকাকৈ বিভাগৰ ফালৰ পৰা সহায় কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে চানডুবিৰ সংৰক্ষণৰ বাবে পৰ্যটন ,জল সম্পদ তথা বন বিভাগৰ লগত আলোচনা কৰি পদক্ষেপ লোৱা হ’ব।চানডুবিৰ জলস্তৰ হ্ৰাস পোৱাৰ ক্ষেত্ৰত ইয়াৰ সংৰক্ষণৰ উপৰি বিলত থকা মেটেকা সমূহ কেনেদৰে পৰিষ্কাৰ কৰিব পাৰি এই ক্ষেত্ৰত বৈজ্ঞানিকভাবে চিন্তা -চৰ্চা কৰি পদক্ষেপ লোৱা হ’ব বুলি তেওঁ কয়। মত- বিনিময়ত তেওঁ চানডুবি বিলৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাইজৰ পৰাও সহায় -সহযোগিতা কামনা কৰে।আজি এই অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশিষ্ট সমাজ সেৱক হিমাংশু বৈশ্য, পৰ্যটন বিভাগৰ বিষয়াৰ লগতে উৎসৱ উদযাপন সমিতিৰ বিষয়বৱীয়া সকল উপস্থিত থাকে।