চচিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ মুক্তি বিচাৰি প্ৰতিবাদৰ জোৱাৰ

Pc The Janambhumi

চচিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ মুক্তি বিচাৰি প্ৰতিবাদৰ জোৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এটা কবিতালৈ চৰকাৰৰ ইমান ভয়! কাৰাবন্দী এগৰাকী ১৯ বছৰীয়া ছাত্ৰী।ছোৱালীজনীৰ নাম নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই৷দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক যোৱা ১৮ মে’ত আৰক্ষীয়ে আটক কৰিছিল। বিগত দুটা মাহে কাৰাগাৰত দিন কটাবলগা হৈছে বৰ্ষাশ্ৰীয়ে।জুলাইৰ ওঠৰ তাৰিখে বৰ্ষাশ্ৰী কাৰাৰুদ্ধ হৈ থকাৰ দুমাহ সম্পূৰ্ণ হ’ব।জাতীয়তাবাদী চিন্তাৰ এটা কবিতা লিখি বৰ্ষাশ্ৰীয়ে ফেচবুকত আপলোড কৰি দিয়া বাবেই অসম আৰক্ষীয়ে আটক কৰি ছোৱালীজনীক জে’লত বন্দী কৰি থৈছে। অহা ১৮জুলাইৰ পৰা যোৰহাটৰ ডি চি বি কলেজৰ ডিগ্ৰী ছেকেণ্ড চেমিষ্টাৰৰ পৰীক্ষা।অংক শাস্ত্ৰত অনাৰ্চৰ ছাত্ৰী বৰ্ষাশ্ৰী।সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰীজনীক অবিলম্বে কাৰাগাৰৰ পৰা মুক্ত কৰি তাইক পৰীক্ষাত বহাৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে,এতিয়া চচিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ মুক্তি বিচাৰি প্ৰতিবাদৰ জোৱাৰ।ইতিমধ্যে চচিয়েল মিডিয়াত এই সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে অতি সোনকালে মুক্তিৰ দাবী জনাইছে।চচিয়েল মিডিয়াত ৰাজ্যৰ বিশিষ্ট সাংবাদিক মনোজ গোস্বামীয়ে লিখিছে যে, “মূল্যবৃদ্ধিক লৈ কৰা পথ নাটকৰ বাবে নগাঁৱৰ বিৰিঞ্চিক গ্ৰেপ্তাৰ।জাতীয়তাবাদী চিন্তাৰ কবিতা লেখাৰ বাবে টীয়কৰ বৰ্ষাশ্ৰী দুমাহ ধৰি জেলত।হৈছে কি?বিষ্ণুপ্ৰসাদ ৰাভা,হীৰেন ভট্টাচাৰ্যই বিদ্ৰোহৰ কবিতাৰে পৃষ্ঠা ভৰাই তুলিছিল। তেওঁলোকৰ কবিতা আজি শাসকসকলেও আওৰাই আছে, অনুষ্ঠানো পাতিছে।বৰ্ষাশ্ৰীৰ মুক্তিৰ সজোৰ দাবী জনালো।”চচিয়েল মিডিয়াত বিভিন্নজনে লিখিছে,”এনে কবিতা লিখিলেও জেলৰ ভাত খাব লাগে? ভয়ংকৰ দিন আহিছে দেখোন! নে আন কিবা আছে ৰহস্যৰ আঁৰত৷কবিসকল সাৱধান। আন একাংশই চৰকাৰক সমালোচনা কৰি লিখিছে, এইটো কবিতা লিখিৰ বাবে যদি জে’ল খাটিব লাগে আমাকো জে’লত দিয়ক।কাৰণ আমি এইখন চৰকাৰৰ এনে অন্যায়ৰ ঘূৰ বিৰোধিতা কৰিছো।ইমান সৰু ছোৱালী জনিক ভয় কৰা এইখন ভিকহু চৰকাৰ।হেৰো তাইক পৰীক্ষাত বঢ়িব দে !! দুদিন আগত ৰাজ্য চৰকাৰৰ ডিজিপি মহাশয়ে পঢ়া-শুনা নকৰা মানুহৰ কি উন্নতি হৈছে তাৰহে উপদেশ দি থকা দেখা পালো।এওঁলোকে পঢ়া শুনা কৰা মানুহক ভয় কৰে।