গোলাঘাট জিলাত ‘অন্ন মহোৎসৱ’ৰ অংশস্বৰূপে পূব ঘিলাধাৰী সমবায় সমিতি,গোলাঘাটৰ সৌজন্যত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মাননীয় মন্ত্ৰী পিযুষ হাজৰিকা

pc Facebook
গোলাঘাট জিলাত ‘অন্ন মহোৎসৱ’ৰ অংশস্বৰূপে পূব ঘিলাধাৰী সমবায় সমিতি,গোলাঘাটৰ সৌজন্যত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মাননীয় মন্ত্ৰী পিযুষ হাজৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা – আজি গোলাঘাটস্থিত ঐতিহাসিক শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নামঘৰত বন্তি প্ৰজ্বলিত কৰি ভক্তি ভৰা প্ৰণিপাত জনায় আৰু আৰ্শীবাদ গ্ৰহণ কৰে অসমৰ মাননীয় মন্ত্ৰী পিযুষ হাজৰিকাদেৱে। ইয়াৰ পাছতে “সম্পূৰ্ণ আহাৰ, সুস্থ পৰিয়াল”ৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত আজি গোলাঘাট জিলাত ‘অন্ন মহোৎসৱ’ৰ অংশস্বৰূপে পূব ঘিলাধাৰী সমবায় সমিতি,গোলাঘাটৰ সৌজন্যত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানত উপস্থিত থকা হিতাধিকাৰী সকলক ৫ কিলোগ্ৰামকৈ উন্নত মানদণ্ডৰ চাউলৰ টোপোলা প্ৰদান কৰোঁ। দুয়োটা কাৰ্যসূচীতে মাননীয় সাংসদ তপন গগৈ ডাঙৰীয়া, বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱ প্ৰদীপ বৰা ডাঙৰীয়া সহিতে অন্যান্য বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।