বাংলাদেশত হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণকলৈ গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা

rongilibarta

বাংলাদেশত হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণকলৈ গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা

ৰঙিলী বাৰ্ত্তাসেৱা – বিজয়া দশমীৰ দিনা বাংলাদেশত মৌলবাদীয়ে হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণকলৈ গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা। বাংলাদেশৰ মৌলবাদী শক্তিলৈ ভয় নকৰি অভিনেত্ৰী গৰাকীয়ে ফেচবুকত দিয়া পোষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ছ’চিয়েল মিডিয়াত বাংলাদেশৰ মৌলবাদী শক্তিক উদ্দেশ্য কৰি মিথিলাই লিখিছে— ”ধৰ্মৰ নামত লুণ্ঠন বন্ধ হওঁক। ঘৃণাৰ ব্যৱসায় বন্ধ হওঁক।সকলোৰে ওপৰত মানুহ আৰু মানৱতা,এয়াই সত্য হওঁক।ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াটো আমাৰ কৰ্তব্য।”উল্লেখ্য যে,দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বাংলাদেশৰ কেইবাটাও হিন্দু মন্দিৰত কেইজনমান ইছলাম ধৰ্মাৱলম্বী লোকে চলাইছিল ধ্বংসলীলা।যি ঘটনাই বাংলাদেশৰ লগতে ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।