গোলাঘাটৰ  মলহানীটুপৰ চেপন বিলত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ

গোলাঘাটৰ  মলহানীটুপৰ চেপন বিলত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ

মৃগাংক বৰুৱা,বাৰ্ত্তাসেৱা-  গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মলহানীটুপৰ চেপন বিলত অলপতে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ এটা পুৰুষৰ মৃতদেহ। স্থানীয় লোকে গৰু বান্ধিবলৈ গৈ প্ৰত্যক্ষ কৰে মৃতদেহতো। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জামুগুৰিত থানাত খৱৰ দিয়াত ঘটনাস্থলিত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো জামুগুৰী মলহানী টুপ গাঁৱৰ ৰনজিত হাজং আৰু জয়লক্ষী হাজঙৰ পুত্ৰ অমল হাজং বুলি পৰিয়াল লোকে চিনাক্ত কৰে ।আনহাতে ১৮বছৰীয়া যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্র কৰি পৰিয়ালৰ লোকে এয়া আত্মহত্যা নহয় বুলি দাবী কৰিছে।ঘটনাস্থলীত গোলাঘাটৰ দণ্ডাধীশ আৰু জামূগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত যুৱক জনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ।স্থানীয় ৰাইজৰ জানিবলৈ দিয়া মতে গা ধুবলৈ গৈ দ বিলত সোমায় পৰে বুলি সন্দেহ প্ৰকাশ কৰিছ।আনহাতে পৰিয়ালৰ লোকে সদৰি কৰা মতে ২৪ চেপ্তেম্বৰ বিয়লি তিনি বজাত সন্ধানহীন হোৱাৰ বিপৰীতে যুৱকজন মানসিক ভাৱে কিছূ অসুস্থ আছিল।যুৱজনৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ জামুগুৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।