গোলাঘাট জিলাৰ ৰতনপুৰ গাঁওৰ ১৩ বছৰীয়া কিশোৰী সন্ধানহীন

গোলাঘাট জিলাৰ ৰতনপুৰ গাঁওৰ ১৩ বছৰীয়া কিশোৰী সন্ধানহীন

মৃগাংক বৰুৱা,বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ মুচৰভঙা গাঁৱৰ নিবাসী সোনমনি শইকীয়াৰ কন্যা পৰী শইকীয়া ককাক তথা মুচভঙা গাঁৱৰ গাঁওবুঢ়া পানীৰাম সোনোৱালৰ ঘৰৰ পৰা মঙলবাৰে অৰ্থাৎ ২১ চেপ্তেম্বৰ নিশা সন্ধানহীন হয় যদিও পৰিয়ালৰ লোকে ৰাতিপুৱা বিচাৰি কোনো শু-সূত্ৰ নোপোৱাত বুধবাৰে অৰ্থাৎ ২২ চেপ্তেম্বৰত মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।কিন্তু মেৰাপানী আৰক্ষীয়ে বৃহস্পতিবাৰে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই।উল্লেখ্য যে ১৩ বছৰীয়া কিশোৰী গৰাকী চৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যনত বুলি পৰিয়ালৰ জানিবলৈ দিছে।