গোলাঘাটৰ কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

Pc The Janambhumi

গোলাঘাটৰ কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা–  গোলাঘাটৰ কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।পুৱা ৯ বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰী।ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ডিচিবি কলেজৰ পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোলাঘাট জিলা প্ৰশাসন তথা কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত বৰ্ষাশ্ৰীৰ বাবে পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি চলাই তেওঁক পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়ে।পৰীক্ষাৰ সময়ত নিৰীক্ষকৰ দায়িত্বত আছে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত অম্লান ফুকন।উল্লেখ্য যে “আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ পোষ্টৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক।১৮ মে’ৰ পৰাই গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।বৰ্ষাশ্ৰী যোৰহাট জিলাৰ টিয়কৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী।অংক বিষয়ত অনাৰ্চ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আছিল ৫টা বিষয়ত লেটাৰ।১৯ বছৰীয়া ছাত্ৰীগৰাকীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।