এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা

pc Time8 Assam News

এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা-  গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা।সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা।আজি বিজেপিত যোগদান কৰিব কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই।বিজেপিত যোগদান কৰাৰ পূৰ্বে নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে, ‘মোৰ সামাজিক কাম কৰাৰ মন আছে।সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো।মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম।সেইটো মই কথা দিছো।’উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তইও ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল।ইয়াৰ পাছতেই কটনত একাংশ কটনিয়ানে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুটা হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘাতৰো সৃষ্টি হৈছিল।