গোলাঘাটৰ কচাৰিহাত বন গাওঁত স্বৰ্গীয় ৰবীন্দ্ৰনাথ গোস্বামী সোঁৱৰণী গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

গোলাঘাটৰ কচাৰিহাত বন গাওঁত স্বৰ্গীয় ৰবীন্দ্ৰনাথ গোস্বামী সোঁৱৰণী গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

গোলাঘাট, ৰূপাংক বৰুৱা, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাটৰ কচাৰিহাত বন গাওঁত স্বৰ্গীয় ৰবীন্দ্ৰনাথ গোস্বামী সোঁৱৰণী গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা হৈ আছে মইনা পাৰিজাত আৰু ৰাইজৰ সহযোগত, ২০জুলাই সন্ধ্যা ৬বজাৰ পৰা নাট কৰ্মশালাৰ শিশু সকলৰ দ্বাৰা শিশু উপযোগী নাট প্ৰৰ্দশন কৰা হব বুলি সঞ্চালিকা জয়া গোস্বামীয়ে জানিবলৈ দিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধুৰ আধাৰত নৱজ্যোতি শৰ্মাৰ ৰচনা, পৰিচালনাৰে নাটক” “বনৰ ৰজা মই ” মঞ্চস্থ কৰা হব বনগাওঁ সনাতন পূজা মন্দিৰৰ অস্থায়ী মঞ্চত। সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোগতা সকলে।