গুৱাহাটী মহানগৰীৰ নিৰ্বাচিত এলেকাবোৰ বাণিজ্যিক কেন্দ্ৰ আৰু ষ্ট্ৰীটফুড লেনলৈ ৰূপান্তৰ কৰাৰ বাবে চিন্তাচৰ্চা

pc Matador Network

গুৱাহাটী মহানগৰীৰ নিৰ্বাচিত এলেকাবোৰ বাণিজ্যিক কেন্দ্ৰ আৰু ষ্ট্ৰীটফুড লেনলৈ ৰূপান্তৰ কৰাৰ বাবে চিন্তাচৰ্চা

অনলাইন বাৰ্ত্তাসেৱা – পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ নিৰ্বাচিত এলেকাবোৰ বাণিজ্যিক কেন্দ্ৰ আৰু ষ্ট্ৰীটফুড লেনলৈ ৰূপান্তৰ কৰাৰ বাবে চিন্তাচৰ্চা কৰিছে। পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই জানিবলৈ দিয়া মতে, পাণবজাৰৰ কটন বিশ্ববিদ্যালয় চৌহদ এলেকাক ষ্ট্ৰীটফুড লেন হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। প্রণালীবদ্ধ ৰূপত পদ পথ ইতিমধ্যে এই সন্দৰ্ভত সদৌ অসম পদপথ ব্যৱসায়ী সন্থাৰে পৌৰ নিগম কৰ্তৃপক্ষই আলোচনাত মিলিত হৈছে। গুৱাহাটীৰ পথত সু-শৃংখলিত আৰু ব্যৱসায়ীসকলক সংস্থাপিত কৰাৰ লক্ষ্যৰে মহানগৰীত ষ্ট্ৰীট ফুড লেন গঢ়াৰ পৰিকল্পনা হাতত লৈছে গুৱাহাটী পৌৰ নিগমে। পাণবজাৰত হ’ব লগা এই ষ্ট্রীটফুড লেন সন্দৰ্ভত গুৱাহাটীবাসীৰ মতামত গ্ৰহণ কৰিহে পৌৰ নিগমে সিদ্ধান্ত ল’ব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। পদপথত পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত আৰু বিজ্ঞানসন্মতভাৱে মহানগৰবাসীক থলুৱা, পৰম্পৰাগত খাদ্যৰ লগতে চাইনীজ আৰু পশ্চিমীয়া সুস্বাদু খাদ্য বিক্ৰী কৰি অৰ্থ ব্যৱসায়ীকহে অগ্ৰাধিকাৰ দিয়া হ’ব।