গুৱাহাটী প্ৰেছ গায়ত্ৰী দলেৰ “আবুতুনতুৰুম” উন্মোচন

গুৱাহাটী প্ৰেছ গায়ত্ৰী দলেৰ “আবুতুনতুৰুম” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত এতিয়া আৰম্ভ হৈছে গ্ৰন্থৰ উৎসৱ গ্ৰন্থ মেলা । গ্ৰন্থমেলা এনে উৎসৱমূখৰ পৰিৱেশৰ সময়তে আজি অসমীয়া উপন্যাস সাহিত্যৰ জগতত সংযোজিত হ’ল প্ৰতিভাসম্পন্ন লেখিকা গায়ত্ৰী দলেৰ ব্যতিক্ৰমী উপন্যাস “আবুতুনতুৰুম” । আজি গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা সমালোচনক প্ৰভাত বৰা আৰু বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাই। ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট চিন্তাবিদ প্ৰভাত বৰাই ভাৰতীয় সাহিত্যত উপন্যাসৰ গতিধাৰাৰ লগতে অসমীয়া উপন্যাস সম্পৰ্কত মননশীল মন্তব্য আগবঢ়াই। একেদৰে আন এগৰাকী উন্মোচক অপূৰ্ব শৰ্মাই নিজৰ ভাষণত অসমীয়া উপন্যাস চৰিত্ৰ আৰু ইয়াৰ জনপ্ৰিয়তাৰ ওপৰত এক দীঘলীয়া তত্বগধূৰ মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত আয়োজিত আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে বিশিষ্ট সাংবাদিক মনোৰম গগৈ, জনপ্ৰিয় ঔপন্যাসিক মনালিছা শইকীয়া,আৰু গীতালি বৰাই। ইপিনে পূৰ্বায়ণ প্ৰকাশনৰ স্বতাধিকাৰ ড° অমৃত কুমাৰ উপাধ্যায়ৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আড়ম্বণপূণ গ্ৰন্থ উন্মোচনী সভাখন আতধৰে যুৱ সাংবাদিক-কবি মৃদুল হালৈয়ে। লেখিকা গায়ত্ৰী দলেৰ শলাগৰ শৰাইৰে সামৰণি পৰা আজিৰ সভাত উপস্থিত থাকে অৰ্ধশতাধিক
গ্ৰন্থনুগৰাকী ।