গুৱাহাটী প্ৰেছ ক্লাবত মধুশ্ৰী শৰ্মাৰ চুটি গল্প সংকলন ‘লেছেৰি বোটলা’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত মধুশ্ৰী শৰ্মাৰ চুটি গল্প সংকলন ‘লেছেৰি বোটলা’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অনুবাদ সাহিত্যৰ জৰিয়তে আমি আমাৰ সাহিত্য বিশ্ব মানৰ কৰি তুলিব লাগিব৷- এই মন্তব্য আগবঢ়াই কটন  বিশ্ব বিদ্যালয়ৰ   উপাচাৰ্য  ড° ভৱেশ গোস্বামীয়ে।  গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি  শিক্ষাবিদ গৰাকীয়ে এই মন্তব্য আগবঢ়ায়।  ইপিনে বিভিন্ন কাকত আলোচনী আদিৰ জৰিয়তে সাহিত্যৰ সাধনা কৰি অহা গল্পকাৰ মধুশ্ৰী শৰ্মাৰ  চুটি গল্প সংকলন ’লেছেৰি বোটলা’ আনুষ্ঠানিক উন্মোচন অনুষ্ঠানত উপস্থিত থাকি যশস্বী সাংবাদিক তথা প্ৰবীণ অনুবাদক জয়কান্ত শৰ্মাই লেখিকাক আশীৰ্বাদ সূচক মন্তব্য আগবঢ়োৱাৰ  লগতে  মাতৃভাষাৰ লগতে চুবুৰীয়া জাতি জনগোষ্ঠীৰ  ভাষা সাহিত্যৰ চর্চাৰ ওপৰত সাৱলীল মন্তব্য  আগবঢ়ায়৷কবি বিপুল শৰ্মাই আঁত ধৰা আজিৰ গ্ৰন্থ উন্মোচনী সভাত লেখিকাৰ  পৰিয়ালৰ লগতে কেইবাগৰাকীও গুণমুগ্ধ উপস্থিত থাকে। ইপিনে কণমানি হৰ্ষদীপৰ কবিতা আবৃত্তিৰে আৰম্ভ হোৱা গাম্ভীৰ্য পূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত প্ৰজ্ঞাশ্ৰী শৰ্মই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে৷