পেৰাগ্লাইডিঙৰ সময়ত এজন লোকৰ মৃত্যু

p.c.The Sentinel Assam

পেৰাগ্লাইডিঙৰ সময়ত এজন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  গুঁই জানৰ ডিব্ৰু নৈৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ ৰিজ’ৰ্টখনত ২৬ জানুৱাৰীৰ দিনা সংঘটিত হয় এক বৃহৎ অঘটন। ৰিজ’ৰ্টখনত জীপচীৰ দ্বাৰা পৰিচালিত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে লখিমপুৰৰ নাওবৈচাৰ পংকজ গগৈ।অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ফিতা কাটি উন্মোচন কৰিছিল এই স্কাইলেণ্ড ৰিজ’ৰ্ট। এজন বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাত শাসক দলৰ এজন বিজেপি নেতা, কাউন্সিলাৰৰ মালিকানাধীন স্কাইলেণ্ডত অবৈধভাৱে চলি থকা এই পেৰাগ্লাইডিং স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে বন্ধ কৰিবলৈ দাবী জনাই থকাৰ পাছতো জিলা প্রশাসনে ৰহস্যজনকভাৱে চকু মুদি থকা বাবেই এই ভয়াৱহ ঘটনা সংঘটিত হয়। তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ৰাইজৰ অভিযোগৰ ভিত্তিত স্কাইলেণ্ডত অবৈধভাৱে চলি থকা পেৰাগ্লাইডিং তদন্ত কৰি বন্ধৰ নিৰ্দেশ দিছিল যদিও জিলা উপায়ুক্তজনে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাছিল।