ৰাজ্যত নতুনকৈ ৩,৬৭৭ জন লোক কৰ’নাত আক্ৰান্ত

p.c. 123checkup

ৰাজ্যত নতুনকৈ ৩,৬৭৭ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩,৬৭৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।৪৪,৩৮৯ জন লোকৰ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল।আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৭৬৮ জন লোক কামৰূপ মহানগৰ জিলাৰ। নতুনকৈ ৪,৫৪৫ জনলোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ৩৫,১৭৫ জন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ক’নাত আক্ৰান্ত হৈ যোৱা ২৪ ঘণ্টাত ২০ জনলোকৰ মৃত্যু হৈছে।