গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

Pc News On Air

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি আয়োজিত এক অনুষ্ঠানত দুগৰাকী অতিৰিক্ত ন্যায়াধীশে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ৰশ্মিন মনহাৰভাই চায়াই এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠানত অতিৰিক্ত ন্যায়াধীশ হিচাপে জিলা ন্যায়াধীশ ক্ৰমে সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক শপত বাক্য পাঠ কৰায় । অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশকে আদি কৰি অধিবক্তা, বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।