গুৱাহাটীৰ চিৰিয়াখানা পথ সাৰ্ব্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত বিনীতা দেৱীৰ “তেজীমলা” আৰু “ৰাৱণ বধ” ৰ সফল মঞ্চায়ন

গুৱাহাটীৰ চিৰিয়াখানা পথ সাৰ্ব্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত বিনীতা দেৱীৰ “তেজীমলা” আৰু “ৰাৱণ বধ” ৰ সফল মঞ্চায়ন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চিৰিয়াখানা পথ সাৰ্ব্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ নৱমী পূজাত সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত নাট “ৰাৱণ বধ” আৰু তিলোত্তমা ভূঞাৰ ৰচিত নাট “তেজীমলা” (ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা) পুতলা মাধ্যমত মঞ্চায়ন কৰে । লগতে “বাগুৰুম্বা” আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচিত গান পুতলাৰ মাধ্যমত নৃত্য পৰিৱেশন কৰা হয়। পৰিচালনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ। “ৰাৱণ বধ” আৰু “তেজীমলা” নাট দুখনে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। পুতলা নাট খন সুন্দৰ ভাবে পৰিৱেশন কৰে। নাটৰ চৰিত্ৰ সমূহৰ পুতলা সঞ্চালন কোনো ধৰনৰ জড়তা দেখা পোৱা নাছিল। নাট্য শাস্ত্ৰৰ ৰসৰ নাটকত থাকিবলগীয়া সকলো ৰসেই যেন “ৰাৱণ বধ” আৰু “তেজীমলা”ত আছে ৷ “ৰাৱণ বধ” নাটৰ ৰাম, সীতা, ৰাৱণ আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। হনুমানে লঙ্কাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই দৰ্শকক যথেষ্ট আমোদ দিছিল। তেনে নাট সফলভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাট দুই খনৰে প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। সকলোকে নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে দৰ্শকক৷প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ নাট দুখনত এটা শব্দও অলাগতীয়াল, অপ্ৰয়োজনত সংলাপত সংযোজন কৰা নাই ৷ “তেজীমলা” নাটকখনৰ মূল চৰিত্ৰ “তেজীমলা” আৰু “মাহীমাক”ৰ পুতলা সমূহৰ সঞ্চালন আৰু নাটৰ অভিনীত সংলাপ প্ৰক্ষেপণত দৰ্শকে আৱেগিক হৈ পৰে ৷ মাহীমাকৰ অত্যাচাৰত বলি হৈ তেজীমলা কি দৰে মৃত্যু মুখত পৰিছিল সেই দৃশ্যাংশ দেখি দৰ্শকৰ চকু পানী নিগৰি গৈছিল। প্ৰতিটো দৃশ্যত সুন্দৰভাৱে পুতলা সমূহ সঞ্চালন কৰি দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে। বিনীতা দেৱীৰ পৰিচালনাত সংগীতত সহায় কৰিছে পাপু গোঁহাই । সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল।পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, পলক কৈৰী, প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, হাৰ্দিক শৰ্মা, কৰিস্মিতা তালুকদাৰ, গণেশ বড়ো আৰু সীমান্ত শৰ্মা। শ্ৰী শ্ৰী দুৰ্গা পূজাত উপস্থিত থকা দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ নাট দুখনৰ সংলাপ সমূহে ও দৰ্শকৰ মন চুই গৈছে। এইক্ষেত্ৰত সীমান্ত শৰ্মা আৰু তিলোত্তমা ভূঞাৰ কৃতিত্ব দাবী কৰিব পাৰি। বিনীতা দেবীৰ পৰিচালিত নাট সমূহ সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। বিনীতা দেৱীৰ এই নাট্য যাত্ৰা অবিৰত থাকক, অসমৰ লোক কলা আগুৱাই নিয়ক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা তথা অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো।