গলচেপাৰ সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পার্টি, অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা মহিলা মৰ্চা তথা গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ সহযোগত, ছয়দুৱাৰ মণ্ডলৰ ৰাঙলিয়াল পঞ্চায়তৰ অর্ন্তগত গলচেপাৰ সূৰ্য্য মন্দিৰ প্ৰাংগনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। শেহতীয়াকৈ বানে ক্ষতি কৰা অঞ্চলটোত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে দেখা দিয়াত সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰটোত চিকিৎসা প্রদান কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী স্বপ্না বনিয়া, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু জিলা তথা মণ্ডল মহিলা মৰ্চাৰ সদস্যা সকল উপস্থিত থাকে। প্রায় ১২০ গৰাকী পুৰুষ-মহিলাই এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাই।