গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক
অনলাইন বাৰ্ত্তাসেৱা – গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ মাহিলি বৈঠকখনি আজি অনলাইন যোগে অনুষ্ঠিত হয়। সাহিত্য সমাজৰ সভাপতি লঙ্কেশ্বৰ ডেকাৰ সঞ্চালনা আৰু সাধাৰণ সম্পাদক গকুল বৰুৱাৰ সম্পাদনাত বৈঠকখন অনুষ্ঠিত হয়। সাহিত্য সমাজৰ সদস্যা ছাত্ৰী মৃদুষ্মিতা মিশ্ৰৰ কণ্ঠৰ স্তোত্র পাঠেৰে আৰম্ভ হোৱা বৈঠকখনিত প্রথমেই সঞ্চালকে গণেশপাৰা, ধীনেপাৰা অঞ্চলৰ দুগৰাকী সৰবৰহী ব্যক্তিৰ বিয়োগত সাহিত্য সমাজৰ হৈ গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। বিশেষকৈ জ্যেষ্ঠ সদস্য তৰণী চৌধুৰীৰ পত্নী প্রতিভা ৰায় বৰুৱাৰ অকাল মৃত্যুত সকলো মর্মাহত হয়। পূর্বৱৰ্তী বৈঠকৰ কাৰ্যবিৱৰণি সাঃসম্পাদকৰ দ্বাৰা পাঠ কৰাৰ অন্তত বৈঠকখনিত ‘জীৱনৰ লাভ লোকচান’ নামৰ উমাকান্ত কলিতাই লিখা কবিতা এটি পাঠ কৰে গকুল বৰুৱাই। গল্প পাঠ কৰে-জিষ্ণুজ্যোতি ভাগৱতী আৰু প্ৰিয়া সৰকাৰে। ছাত্র দিশান্তই জয়ন্ত হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে। বৈঠকৰ মুখ্য আকর্ষণ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীৰ ‘গুৰু চৰিত কথাত নাৰী চৰিত্ৰ এক আলোচনা’ শীর্ষক বক্তৃতা। খেৰসুতি আই, বৰাবাহী আই, কালিন্দী আৰু সত্যৱতী আইৰ কথাৰে এটি মনোগ্রাহী আলোচনা হয়। পাছত সাহিত্য সমাজৰ জ্যেষ্ঠ সদস্য নৱ প্রসাদ শর্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ধূজ্জতি শৰ্মাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চক্রবর্তীয়ে বিষয়টিৰ আলোচনাৰ মানদণ্ড আৰু ওপৰলৈ লৈ যায়। সঞ্চালক লঙ্কেশ্বৰ ডেকাই সামগ্রিক বৈঠকখনিৰ সম্পৰ্কত অতি চমুকৈ মন্তব্য দিয়াৰ বিপৰীতে সম্পাদক গকুল বৰুৱাই বৈঠকখনি সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৰে শলাগ লয়।