অপেক্ষা- হেমন্ত কুমাৰ শইকীয়া

pc- HR magazine

অপেক্ষা

হেমন্ত কুমাৰ শইকীয়া
গোলাঘাট বাণিজ্য মহাবিদ্যালয়

সময় ঠিক সন্ধিয়া ৬:১৫ হৈছে । অপেক্ষা কৰি আছে সময়ে । দুপাত্তা খনে এটা জীৱনৰ শেষ কৰিবৰ বাবে উঠি পৰি লাগিছে কিন্তু কথাতে কয় “ৰাখে হৰি মাৰে কোনে ” সদায়ৰ দৰে সন্ধিয়াৰ আমেজ বিচাৰি মই সেইদিনা বন্ধুৰ লগত চহৰৰ ৰাস্তাৰ আলহী হৈছিলো । যিটো দিন চিৰ জীৱন ষ্মৃতি হৈ ৰব। বেলেগৰ দৰে মই উৎপাত কৰিবলৈ ৰাস্তালৈ ওলাই নাযাও যাও মাথো মনৰ শান্তি বিচাৰি । তেতিয়া সময় ঠিক ছয় বাজিছে বন্ধুৰ পৰা বাইক খন মই লৈছিলো চলাবলৈ যি হলেও ভয় লাগে সন্ধিয়াৰ কথা । চহৰৰ ষ্ট্ৰিক লাইটৰ পোহৰত যেন জীৱনৰ কথা পাহৰিব লওতেই মই প্ৰায়ে সংকোচ হও কোনে জানে কাৰ জীৱনৰ পৰা এই পোহৰ হেৰাই যাব পাৰে ? সেইদিনাও একে ঘটনা মোৰ লগত ঘটিল । মোৰ বাইক প্ৰায় ২০ স্পীডত গৈ আছে হঠাৎ এখন বুলেটত এহাল ডেকা গাভৰু ৪০/৫০ স্পীডত পাৰ হৈ গল ।
নাজানো কোন হয় ?
নাজানো ককায়েক ভনীয়েকে নে যৌৱনত উন্মনা হৈ থকা প্ৰেমিক প্ৰেমিকা ?
মাথো মোৰ বাইকৰ লাইটৰ পোহৰত জিলিকিছে গাভৰুৰ জনীৰ দুপাত্তা খন । লাহে লাহে পাছৰ চকাটো ফালে পাক খাই গৈ আছে মাথো গৈ আছে এটা মুহূৰ্তৰ বাবে মই স্তব্ধ হৈ পৰিলো । হঠাৎ চেতনা আহিল দুপাত্তা খনে গাভৰুৰ জীৱন শেষ কৰিব দেখোন । বন্ধুক কলো ভালকৈ মোৰ গাত ধৰিবলৈ কিন্তু সি একো ধৰিবই নোৱাৰিলে । সময় বহু দূৰ আগুৱাই গল । পাছ পৰি ৰল মোৰ বাইক খন । মোৰ বহু দেৰি হৈ গল হয়তো নাপামগৈ এটা জীৱন সন্মুখতে শেষ হৈ পৰিব । মোৰ লাইটৰ পোহৰত বুলেট খন নিজিলিকা হল । এটা পচণ্ড ঘটাই মোৰ বাইকৰ স্পীড বঢ়াই লৈ গল । মোৰ বাইকে ৭০/৮০স্পীডত দৌৰিবলৈ ললে । ৰিণিকি ৰিণিকি কুৱঁলীৰ ফাকে ফাকে বুলেট খন গৈ থকা দেখিলো মই আৰু স্পীড দিলো বাইকৰ মোৰ লক্ষ্য আছিলো ভৰ যৌৱনা সেই গাভৰুৰ জীৱনটো বচোৱাৰ । যদিও তেতিয়ালৈ বহু পলম হৈছিল তথাপিও লাহে লাহে ওচৰ পালোগৈ এটা বিকট চিঞৰ মাৰি মই কলো ” sister Please দুপাত্তা খন ওপৰলৈ টানি লোৱা “,,,, হয়তো বহু দেৰি হৈ গল কিন্তু মোৰ গগণ ফলা চিঞৰলৈ অপেক্ষা কৰি আছিল সময়ে ইফালে দুপাত্তা গৈ চকাৰ ফাঁকত সোমাই পৰিল । দুপাত্তা খনৰ এটা আগ গাভৰুৰ ডিঙিত মেৰ খাই আছিল । মোৰ মাতত গাৰ সৰ্ব জোৰেৰে গাভৰু জনীয়ে দুপাত্তা খন টানি ললে । । ইতিমধ্য বন্ধু মই বহু দূৰ আগুৱাই আহিলো তথাপিও তেঁওলোকে আমাক লগ ধৰিবলৈ আগুৱাই আহি মোক গাভৰুৱে ” থেংক ইউ ” বুলি এটা মিঠা মাত দি পাৰ হৈ গল । মোৰো মনতো ভাল লাগি গল হয়তো মোৰ বাবেই আজি এটা জীৱনে পুনৰ প্ৰাণ পালে তাকে ভাৱি ভাৱি বন্ধুক ঘৰত নমাই মই ঘৰলৈ বুলি বাট ললো । কিন্তু এটা উচ্চাংকাক্ষিত পোহৰে মোৰ চকু চানি ধৰিলে …..

” এতিয়া আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ ” আজি সন্ধিয়া ৬:১৫ মিনিট এটা পথ দুৰ্ঘটনাত এজন ২০ বছৰীয়া যুৱকে প্ৰাণ হেৰুৱাইছে । ।।
গায়ত্ৰীয়ে হঠাৎ মাকক কান্দি কান্দি চিঞৰিলে “” অহ মা এই লৰাজনেই আজি মোক জীৱন দিছিলে অহ মা ইয়েই আছিল ।
কি হল মা ইয়াৰ আজিয়ে ?
কিয় হল এনেকুৱা তাৰ লগত ?
মোক জীৱন দি সি কিয় আতঁৰি গল ?

অহহ এইজনেই সেইজন লৰা যিজনে আজি মৃত্যুৰ পূৰ্বে এগৰাকী যুৱতীৰ প্ৰাণ বচাই একে কাল সন্ধিয়াই নিজৰ প্ৰাণ হেৰুৱালে ।
টি.ভি ত বাতৰি চলি আছে । আৰু মই এটা কফিনত সোমাই শেষ নিশাহ এৰিছো । কিন্তু সেই গাভৰু জনীয়ে কি কৰিছে । অহ গাভৰু নহয় তাইৰ নাম হেনো গায়ত্ৰী কিন্তু মইতো গমেই নাপালো ।
তাই ককায়েকৰ লগত ফুৰি আহিছিল তাই বয়স ১৮বছৰ কিন্তু মই যে অজ্ঞাত হৈ ৰলো হয়তো শেষ যাত্ৰাত লগ পোৱাৰ বাবে তাইক সদায় মনত ৰাখিম !!!!

বন্ধুৱে চিঞৰি কান্দি কান্দি সাংবাদিকক কৈছে ” সি বহুত ভাল আছিল , মৃত্যুৰ ৫ মিনিটৰ আগত এগৰাকী ছোৱালীৰ জীৱন দি থৈ গৈছে আৰু আপুনি নিউজটো চাই আছে শেষ বাৰৰ বাবে চাই যোৱাহি হেমন্তক ।

এইফালে গায়ত্ৰীয়ে নিজৰ জীৱন পাইয়ো যেন জীৱনৰ অস্তিত্ব হেৰুৱাই পেলালে হয়তো তাইৰ যদি দুপাত্তা খন সি নেদেখা হলে মই জীয়াই নাথাকিলো হেতেন কিন্তু সি জীয়াই থাকিলেহেতেন !!!

অৱশেষত তাই ঠিৰাং কৰিয়ে পেলালে সেই ভগৱান ৰূপী তাইৰ জীৱন দাতাক এবাৰ শেষ বাৰৰ বাবে চাব আৰু মৰম কৰিব পৰা হলে তাইয়ো শেষ যাত্ৰাৰ সমভাগী হলহেতেন কিন্তু তাইক যে সেই অচিন যুৱক জনে জীয়াই থাকিবলৈ শিকাই গল ….

সেই অচিন লৰাটোৰ মাকে হিয়া ধাকুৰি কান্দিছে মাথো কৈছে তই তোৰ জীৱনটো আনৰ বাবে দি মোৰ জীৱন টো উদং কৰি পেলালি । তেনেতে গায়ত্ৰী ওলালহি মোৰ মাৰ ওচৰত মোৰ বন্ধুৱে কলে যে
” আপোনাৰ ছোৱালী আহিছে ”
কিয় কলে তেনেকৈ বন্ধুৱে ?
কাৰণ মইয়ে শেষ বাৰৰ বাবে কৈছিলো বন্ধুক ” ঐ লৰা সেই ছোৱালী জনীয়ে মোক বিচাৰি আহে তই মাক কবি এইজনীয়ে আপোনাৰ ছোৱালী ”
” মই আৰু বেছি সময় অপেক্ষা নকৰো ” ……