খেল ৰত্ন বঁটাৰ বাবে অনুমোদিত খেলুৱৈৰ তালিকা মুকলি কৰা হৈছে

Pc- India. Com

খেল ৰত্ন বঁটাৰ বাবে অনুমোদিত খেলুৱৈৰ তালিকা মুকলি কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে প্ৰায় ১১ জন খেলুৱৈক অনুমোদিত কৰা হৈছে। তালিকাখনত অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰা, অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়া আৰু অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী বক্সাৰ লভলিনা বৰগোহাঁই অন্তৰ্ভুক্ত আছে। তালিকাত থকা আনসকল হৈছে: পিআৰ শ্ৰীজেশ, সুনীল ছেত্ৰী, মিতালী ৰাজ, প্ৰমোদ ভগত, সুমিত এণ্টিল, অৱনী লেখাৰা, কৃষ্ণ নগৰ আৰু এম নৰৱাল।