কোনো ৰান নিদিয়াকৈ সাতটা উইকেট দখল কৰি অভিলেখ স্থাপন ৰোহমালিয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কোনো ৰান নিদিয়াকৈ সাতটা উইকেট দখল কৰি টি-২০ ক্রিকেটত বিশ্ব অভিলেখ স্থাপন কৰিলে এগৰাকী অখ্যাত বলাৰে। আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত বলিং ফিগাৰৰ সৰ্বোত্তম অভিলেখ স্থাপন। ইণ্ডোনেছিয়া আৰু মংগোলীয়া মহিলা দলৰ মাজত অনুষ্ঠিত খেলখনত এই অভিলেখ স্থাপন। ইণ্ডোনেছিয়াৰ কিশোৰী ৰোহমালিয়াই মেচখনত কোনো ৰান নিদিয়াকৈ সাতটা উইকেট দখল কৰি বিশ্ব অভিলেখ স্থাপন কৰে। ইণ্ডোনেছিয়াৰ ১৭ বছৰীয়া বলাৰগৰাকীয়ে মংগোলীয়ৰ বিৰুদ্ধে খেলা মেচখনত মাত্র ৩.২ অভাৰ বলিং কৰি সাতটা উইকেট দখল কৰে। সামগ্রিকভাৱে তেওঁৰ বলিঙৰ পৰিসংখ্যাটো আছিল ৩.২-৩-০-৭। ৰোহমালিয়াৰ বিধ্বংসী বলিঙত ২৪ ৰানতে ইনিংছ সামৰে মংগোলীয়াই। উল্লেখ্য যে ৰোহমালিয়াৰ পূৰ্বে নেদাৰলেণ্ডছৰ মহিলা ক্রিকেটাৰ ফ্রেডেৰিক অভাৰডাইকে টি-২০ ক্রিকেটত সর্বশ্রেষ্ঠ বলিং প্রদর্শন কৰিছিল। ২০২১ চনৰ মহিলা টি-২০ বিশ্বকাপৰ ইউৰোপীয় কোৱালিফায়াৰত ফ্ৰান্সৰ বিৰুদ্ধে ফ্রেডেৰিকে ৭টা উইকেট দখল কৰিছিল। কিন্তু তেওঁ চাৰি অভাৰ বলিং কৰি ২ ৰান দিছিল।