কিউট পেট্‌ছ ফটোগ্রাফী প্ৰতিযোগিতাৰ আয়োজন

pc 123RF

কিউট পেট্‌ছ ফটোগ্রাফী প্ৰতিযোগিতাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা – কিউট পেট্‌ছৰ অনলাইন ফটোগ্রাফী প্রতিযোগিতাখন ফেচবুক, ইনষ্টাগ্রাম, টুইটাৰত অনুষ্ঠিত হ’ব। কিউট পেট্‌ছ ভেটেৰিনাৰী ক্লিনিক আৰু পেট শ্বপৰ স্বত্বাধিকাৰী জে পি নাথে জনায় যে অনলাইন অনুষ্ঠিত হোৱা এই প্রতিযোগিতাখনত প্ৰতিযোগীসকলৰ ফটো কিউট পেট্‌ছৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা হয়। ফটোখনত ফেচবুক ব্যৱহাৰকাৰীৰ লাইকৰ ওপৰত ভিত্তি কৰি পইণ্ট কৰা হয়। বেছি লাইক পোৱা ফটোখন প্রথম হয় আৰু ক্ৰম অনুসৰি প্ৰথমৰ পৰা ১২খন ফটো নিৰ্বাচন কৰা হয় । পিছলৈ সমূহ প্ৰতিযোগীৰ ফটোৰে কিউট পেট্‌ছৰ কেলেণ্ডাৰ নির্মাণ হ’ব। আন যিকোনো তথ্যৰ বাবে ০৩৬১-৩৫৬৫৬৬৬ নম্বৰত যোগাযোগ কৰিব পাৰে। নিৰ্বাচিত প্রতিযোগীসকলৰ পিছলৈ এটা ফটোশুট অনুষ্ঠিত হয় আৰু তাৰ পৰাই পিছলৈ কেলেণ্ডাৰ তৈয়াৰ কৰা হয়।