কা’ আইনৰ জৰিয়তে অৰুণাচলৰ চাকমা শৰণাৰ্থীসকলক অসমত সংস্থাপিতকৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া৷

কা’ আইনৰ জৰিয়তে অৰুণাচলৰ চাকমা শৰণাৰ্থীসকলক অসমত সংস্থাপিতকৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনমান পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এখন সংবাদমেলযোগে ৰখা এক বক্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে । তেওঁ কৈছিল যে অৰুণাচলৰ চাকমা জনগোষ্ঠীয় শৰণাৰ্থীসকলক অৰুণাচলত সংস্থাপিত কৰিব পৰা নাযাব কিয়নো তাত কা’ আইন প্ৰযোজ্য নহয়, কা’ আইন অৰুণাচলীসকলৰ বাবে আশীৰ্বাদস্বৰূপ । যিহেতু উক্ত আইনখন অৰুণাচলত প্ৰযোজ্য নহয়, গতিকে চাকমাসকলক অন্য ঠাইত সংস্থাপিত কৰাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে৷-এই মন্তব্য অসম জাতীয় পৰিষদৰ জগদীশ ভূঞাৰ৷আজি কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি ভূঙাই পুনৰ কয় যে অসমৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁ অনুৰোধ জনাইছে আৰু ইয়াৰ বাবে উপযুক্ত ঠাই বাচনিৰ কাম চলি আছে।এই বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু বিষয়টো অত্যন্ত চিন্তনীয় আৰু এইক্ষেত্ৰত আমাৰ প্ৰতিক্ৰিয়াৰ প্ৰয়োজন আছে ৷প্ৰথম কথা – প্ৰায় ৫ লাখ চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ ক্ষেত্ৰত ৰিজিজুৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যদি আলোচনা হৈছে, তেন্তে আমি শৰ্মাৰ মুকলি প্ৰতিক্ৰিয়া বিচাৰিম আৰু যদি কিৰেণ ৰিজিজুৰ বক্তব্য সত্য নহয় তেন্তে তেওঁৰ সেই ভাষ্যৰ প্ৰতিবাদ মুখ্যমন্ত্ৰীক মুকলিকৈ কৰিব লাগে । আৰু যদি কথাষাৰ সত্য হয়, তেন্তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক আমি স্পষ্টকৈ জনাব বিচাৰোঁ যে এনে ধৰণে চাকমাসকলক অসমত সংস্থাপিত হ’বলৈ আমি দিব নোৱাৰিম । অসমৰ ৰাইজলৈ আমাৰ আহ্বান যদি চাকমাসকলে এই আইনৰ গণ্ডীৰ জৰিয়তে অসমত এজন দুজনকৈ প্ৰৱেশ কৰে তেন্তে ইয়াৰ প্ৰতিৰোধ কৰাটো বাঞ্ছনীয় । আৰু অসম জাতীয় পৰিষদেও ইয়াৰ প্ৰতিবাদ তথা প্ৰতিৰোধৰ বাবে উদ্যত হ’ব । কোনো কাৰণতে আমি এজনো বিদেশী নাগৰিক কা’ আইনৰ আধাৰত অসমৰ মাটিত বসবাস কৰিবলৈ নিদিওঁ । এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ মুখ্যমন্ত্ৰী সমন্বিতে ৰাজ্যৰ বিজেপি চৰকাৰৰ বিভিন্ন মন্ত্ৰী-মুৰব্বীসকলে বিভ্ৰান্তিকৰ মন্তব্য দাঙি ধৰিছে যে এতিয়ালৈকে কেৱল এজন বিদেশী ব্যক্তিয়েহে অসমৰ নাগৰিকত্ব বিচাৰি এই আইনৰ অধীনত আৱেদন কৰিছে৷ কিন্তু সঁচা কথাটো হ’ল, এইক্ষেত্ৰত এজনেই আৱেদন কৰিছেনে নে অনেকেই আৱেদন কৰিছে সেই বিষয়ে জনাৰ একো উপায় নাই ৷ বিজেপিয়ে দাবী কৰিছে যে কা’ আইনৰ আধাৰত অসমত এটা চৰাইয়ো প্ৰৱেশ নকৰে । যদি সেয়াই হয়, আমাৰ এক স্বাভাৱিক প্ৰশ্ন হ’ল যে যদি সেয়াই হয় তেন্তে কা’ আইন অসমত বলৱৎ কিয় কৰা হ’ল ! আমি এটা কথা বাৰম্বাৰ দোহাৰি আছিলোঁ যে কা’খন যদি অসমৰ গোটেইকেইখন চুবুৰীয়া ৰাজ্যৰ বাবে বেয়া, কোকৰাঝাৰৰ দৰে অসমৰ কেইখনমান নিৰ্দিষ্ট জিলাৰ বাবে বেয়া, তেন্তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে কা’ আইন কিদৰে গ্ৰহণযোগ্য হ’ল ? কিন্তু কিৰেণ ৰিজিজুল বক্তব্যৰ পৰা এইটো কথা স্পষ্ট হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত যিহেতু কা’ আইন প্ৰযোজ্য নহয়, গতিকে সেইকেইখন ৰাজ্য সুৰক্ষিত আৰু অসমত কা বলৱৎ যিহেতু হৈছে গতিকে ইয়াত বিদেশী নাগৰিকক সংস্থাপিত কৰিব পৰা যাব । বিষয়টো কিমান ভয়াৱহ ভাবি চাওক । অৰ্থাৎ ইয়াৰ পৰা এইটো প্ৰতীয়মান হৈছে যে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক নিঃশেষ কৰিবৰ বাবে ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে । যিদৰে আজি অৰুণাচলৰ চাকমাসকল কা’ আইনৰ জৰিয়তে অসমলৈ অহাৰ বাট বিজেপিয়ে প্ৰশস্ত কৰি তুলিছে, ঠিক সেইদৰে মেঘালয় কিম্বা অন্য ৰাজ্যৰো শৰণাৰ্থীয়ে অসমত সংস্থাপিত হোৱাৰ বাট মুকলি হৈছে । অসম জাতীয় পৰিষদ এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিবলৈ সদায় সংকল্পবদ্ধ আৰু লগতে আমাৰ দলে প্ৰত্যাহ্বান জনাইছে যে যদিহে কিৰেণ ৰিজিজুই অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এইক্ষেত্ৰত আলোচনা কৰিছে তেন্তে তাক স্পষ্ট কৰক অন্যথা তাৰ বিৰোধিতা কৰক৷অসম জাতীয় পৰিষদৰ তৰফৰ পৰা অসমৰ ৰাইজলৈ বিনম্ৰ অনুৰোধ যাতে ৰাইজে বিজেপি চৰকাৰৰ এই জাতিধ্বংসী প্ৰক্ৰিয়াৰ বিৰোধিতা কৰে আৰু সচেতনতা বজাই ৰাখি পৰ্যায়ক্ৰমে হ’বলৈ যোৱা অবৈধ বিদেশীৰ অসমত নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াৰ সজোৰ প্ৰতিবাদ কৰে ৷