কমল নয়ন- নিতিষ্মান দাস

pc-Unsplash

আকাৰ ইকাৰ নথকা কবিতা

কমল নয়ন

কমল সম তব নয়ন,
জগতক তব কৰহ যতন।
শৱৰত তব অংসল বল,
বদনৰ নয়ন তব কমল।
অপ কৰমক কৰহ অপহত,
অদয়ক পৰম জন কৰহ হত।
জগত সৱক কৰহ ৰক্ষণ,
গগন সম তব বৰণ ৷
জগতৰ ভকতক কৰহ মংগল,
তব চৰণত পৱন জল।
ভকতজনৰ তব পৰম ৰতন,
অহৰহ ভকতক কৰহ ৰক্ষণ৷
মৰতৰ নৰকক কৰহ সৰগ
তব দমনত ৰক্ষণ জগ।
অখটক কৰহ দমন তব বলত,
অংশধৰ ধৰহ ইহ জগতত ।
অগ নগ জগত তব জনন,
জগতখনক কৰহ অংকন।
অধৰমক কৰহ জয়,
জয় কমল নয়ন অক্ষয়।
মগন মগন কৰহ শয়ন,
তৰল তৰল তব বদন।
সৱ জগত হয় তৰ বদন,
অধৰম অখটক কৰহ দহন।
তব তলত কমল পংকজ,
কৰহ মই তব নমন ভজ।
অ পৰম জন জগতক কৰহ ৰক্ষণ,
জগতৰ অধৰমক কৰহ দমন।

–নিতিষ্মান দাস।
অষ্টম শ্রেণী