শাওন- ময়ূৰাক্ষী গগৈ

Pc- istockphoto

 শাওন

গুজৰি -গুমৰি অহা মেঘৰ গাজনি,
কলহৰ কাণে ঢলা বৰষুণে
যেন শাওনৰ আগজাননী দিয়ে।
দোকমোকালিতে শুৱা পাটি এৰি,
হালোৱা-ৰোৱনীৰ সাজু হয়।
পথাৰলৈ ঢাপলি মেলে
সোণগুটি সিঁচি পথাৰ শুৱনি কৰিবলৈ।
ভাষাৰে বুজাব নোৱাৰি
শাওনৰ কেঁচা বোকা -মাটিৰ গোন্ধ।
মাথো অনুভৱহে কৰিব পাৰি।
শাওনৰ সেউজীয়া দলিচাত
বিলীন হয় সকলো কষ্ট।

ময়ূৰাক্ষী গগৈ