কবিতা
অলকা বুজৰ বৰুৱা, টিহু টাউন
কবিতাই গুঠে শব্দৰ মালা
হৃদয় গুঞ্জৰিত কৰা শব্দৰ মালিতাত
সাৰ পাই উঠে প্ৰাণৰ ভাষা।
মহাবিশ্ব আলোকিত কৰি
হৃদয়ে হৃদয়ে সিঁচি যায়
প্ৰেমৰ ৰঙীণ আবিৰ।
কবিতাই গুঠিব পাৰে বিষাদৰ গাঁঠা
হৃদয়ৰ পৰিধি ভাঙি বোৱাব পাৰে
বিষাক্ত বিষাদৰ নিজৰা।
কবিতাৰো আছে এক নিজস্ব ধাৰা
সেয়েতো,কবিতা মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
যি বৈ আছে অহৰহ,মোৰ কলিজাৰ প্ৰান্তে প্ৰান্তে।