কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন 

কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন 

টুকটুকী , ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ বাণিজ্য শিক্ষাৰ একমাত্ৰ অনুষ্ঠান কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২২-২৩ বৰ্ষৰ নৱাগত আদৰণি সভাখন দিনজোৰা কাৰ্য্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়। কাৰ্য্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ মিৰাজ আলী আহমেদে । ৯:৩০ বজাত ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব অনুষ্ঠাত অনুষ্ঠিত হৈ যায়। ১০ বজাত স্কুলখনৰ পৰিচালিনা সমিতিৰ সভানেত্রী চাহিদা বেগমৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখনত কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ আব্দুল কাদেৰ যুদ্দাৰ আৰু বৰ্তমানৰ অধ্যক্ষ ৱাজিদুল হকে ছাত্ৰ ছাত্ৰীক কিছুমান উপদেশ দিয়াৰ লগতে ম’বাইলৰ অসৎ ব্যৱহাৰ নকৰি সৎ ব্যৱহাৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনায়। সভাখনত অধ্যক্ষ মিৰাজ আলীয়ে বাণিজ্য শিক্ষাৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ লগতে বৰ্তমান যুগত বাণিজ্য শিক্ষাৰ অতিকৈ প্রয়োন আছে বুলি তেওঁৰ ভাষণত কয়। অধ্যক্ষ গৰাকীয়ে লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সাংস্কৃতিক অনুষ্ঠানত ৰুনুমণিৰ গীতে সকলোকে আপ্লুত কৰি তোলে।সভাখনত কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উপাধক্ষ্য আব্দুল হান্নান আল হিলাল, শিক্ষক আনিচুল জামান খান, শ্বৰীফুল আহমেদ, ছফিকুল ইছলাম, আহোম গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টংকেশ্বৰ দাস ,টুকটুকী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল।