এৰা সুঁতি – ড০ ৰাস্না ৰাজখোৱা, জামুগুৰিহাট, শোণিতপুৰ

pc Simon Wilkes

এৰা সুঁতি

ড০ ৰাস্না ৰাজখোৱা,
জামুগুৰিহাট, শোণিতপুৰ

পৰিসীমাৰ ভিতৰত থাকিলে
সুখে-দুখে নদীখনেই
সিহঁতৰ পৰম বান্ধৱ
মন গ’লে
পানীৰ দাপোণত মূখ চায় চায়
সুখৰ মালিতা গাব পাৰি
অথবা
বিষাদৰ গানবোৰ
এটা এটাকৈ গুণ গুণাই
নদীৰ সোঁতত উটুৱাব পাৰি
মাজে মাজে
নদীৰ বিশালতাই
স্পৰ্শ কৰে সিহঁতৰ আকাশ
গাভৰু নদীয়ে পাৰ ভাঙে
ভাঙে পৰিসীমা,
বাৰে বাৰে
ভাঙি-ছিঙি থান-বান কৰে
সিহঁতৰ সপোন
সেইবাবেই
শিলবোৰ গোটাই গোটাই
সিহঁতে
নদীখনৰ বুকুত গঢ়িছিল
এটা শিলৰ পাহাৰ
ওফোন্দ পাতি ওফন্দি উঠিছিল নদীখন
অৱশেষত
নদীখনে গতি সলালে
এটা এৰা সুঁতি
কেৱ্ল সাক্ষী হৈ ৰ’ল।