এয়া বিজেপিৰ পতনৰ আৰম্ভণি: অজাপ

Pc The Indian Express

এয়া বিজেপিৰ পতনৰ আৰম্ভণি: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জে পি পি দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতি যোগে দেউৰী পৰিষদৰ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী নৱনিৰ্বাচিত পাৰিষদক অভিনন্দন জনাই কয় যে শাসনাধিষ্ঠিত দল বিজেপিয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভীষণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ পিছতো জে পি পি দলে ২২খনৰ ৭ খন আসন দখল কৰিব পৰাটো আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থাৰ কথা সূচায় আৰু সেই দৃষ্টিকণত জে পি পি দলটোক সকলোৱে অভিনন্দন জনোৱা উচিত৷ আনহাতে ২২খনৰ আটাইকেইখন আসন পাম বুলি দাবী কৰা বিজেপিয়ে মাত্ৰ ১১খন আসন লাভ কৰাটোৱে বিজেপিক যে ৰাইজে প্ৰত্যাখ্যান কৰিবলৈ লৈছে, তাৰে ইংগিত দিয়ে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয়, “এয়া বিজেপিৰ পতনৰ আৰম্ভণিহে৷ অনাগত দিনত অধিক ৰাজনৈতিক পতনৰ বাবে বিজেপি দল সাজু থাকক৷”