এটা প্ৰজন্মৰ কষ্ট আনটো প্ৰজন্মৰ বাবে আৰাম – নাজমিনা মজিদ

PC - Open the Bible

এটা প্ৰজন্মৰ কষ্ট আনটো প্ৰজন্মৰ বাবে আৰাম

নাজমিনা মজিদ, ধুবুৰী

সকলো মানুহেই বিচাৰে সোণৰ চামুচত খোৱা ঘৰ এখনৰ সদস্য হিচাপে জন্ম হোৱাটো । প্ৰায়েই বহুতৰে মুখত শুনিবলৈ পোৱা যায় সোণৰ চামুচত খোৱা ঘৰত জন্ম লোৱা নহ’ল বুলি বহুত ফালে হেনো মূৰ তল  কৰি পথ চলে ।  হয় এই সোণৰ চামুচ শব্দটোৰ অহাৰ লগে লগে বহুত শব্দ উজ্জ্ব থকাৰ লগতে ভাগ্যৱান  শব্দটো আহি পৰে । একেটা সময়তে বহু শিশুৰ জন্ম হয় ভিন্ন ভিন্ন পৰিয়ালত কিন্তু পিতৃ মাতৃ আমি কোনেওঁ নিৰ্বাচন কৰিব নোৱাৰোঁ । আমি প্ৰায়ে কওঁ নতুবা শুনিবলৈ পাওঁ বংশটো উচ্চ বংশ । এই উচ্চ বংশৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ এটাৰ পিছত আনটো প্ৰজন্ম কৰ্মশীল হ’ব লাগিব । এটা প্ৰজন্মৰ কষ্টৰ ফল পিছৰ প্ৰজন্মৰ বাবে এধাপ আগবঢ়াত সহায় কৰে । এটা প্ৰজন্মই আন এটা প্ৰজন্মক উন্নত কৰাত সাধাৰণতে দুটা দিশ দেখা  আগৰ প্ৰজন্মটো শিক্ষাৰ ক্ষেত্ৰত যিকোনো উপায়েৰে শিক্ষা অৰ্জন কৰি নিজেই মানৱ সম্পদ হৈ পিছৰ প্ৰজন্মৰ বাবে কিছু আৰ্জিব পাৰিব । দ্বিতীয়তে, বহুতকে দেখা যায় নিৰক্ষৰ ব্যক্তিয়ে কেৱল কঠিণ পৰিশ্ৰম কৰি কেতিয়া হাজিৰাৰ পৰা মিস্ত্ৰীৰ পৰা ঠিকাদাৰ হৈ টকাৰ অভাব কম হোৱা দেখা যায় তেনেকৈ উন্নত হৈ পিছৰ প্ৰজন্মক শিক্ষা গ্ৰহণ কৰোৱাৰ পৰা আৰাম্ভ কৰি বিভিন্ন সুযোগ সুবিধাৰে ডাঙৰ হোৱা দেখা যায় । আকৌ যদি সেই প্ৰজন্মটো নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি যায় পিছৰ প্ৰজন্মটো বেছি উন্নত হোৱা পৰিলক্ষিত হয় । আকৌ বহু সময়ত দেখা যায় নাম থকা বংশ এটা দিনক দিনে অৱনতিৰ ফালে ঢাল খোৱা দেখা যায় । ইয়াৰ কাৰণ হ’ল কৰ্মবিমুখ আজুককা,ককাই আৰ্জি থোৱা ধন-সম্পত্তি যেতিয়া দুটা-তিনিটা প্ৰজন্মই কষ্ট নকৰাকৈ বহি খোৱাৰ চেষ্টা কৰে । পিছৰ প্ৰজন্মৰ বাবে বহুত সময়ত অৱনতিয়েই দেখা যায় । বংশ এটাৰ নাম ৰাখিবলৈ নতুবা দিনেক দিনে উন্নত কৰিবলৈ এটাৰ পিছত আনটো প্ৰজন্মই নিজৰ নিজৰ দায়িত্ব কৰ্তব্য নিজে পালন কৰিব লাগিব ।