এক মিনিটৰ গল্প –
এটা ধন্যবাদ দিব নোৱৰাৰ দুখ
স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ, জিলিকনি চ’ক
নলবাৰী- ৭৮১৩৩৫
চণ্ডিগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী ৰেলখন মাত্র পাঁচ মিনিট সময়ৰ বাবে ৰঙিয়া জংচনত ৰ’ব। “Where is my train ” এপটোত দেখুৱাই আছে। প্লেটফৰ্ম নম্বৰ দুইত ৰেলখন ৰ’বহি সেয়াও এপটোৰ জৰিয়তে জনা গৈছে।
নিৰাপত্তাৰ খাতিৰত ডবাকেইটামান সালসলনি কৰি ৰেলখন অৱশেষত প্লেটফর্ম নম্বৰ দুইৰ পৰিৱৰ্তে প্লেটফৰ্ম নম্বৰ একেৰে আহিল । সংঘামিত্ৰাই গধুৰ বেগ দুটা লৈ আনটো প্লেটফৰ্মলৈ গৈছে। বেগাই যাবও পৰা নাই। এনেতে এজন কুলিয়ে “চাওঁ মোক দিয়ক । মই নিদিওঁ ।” বুলি মাত দিলে।
“হ’ব নালাগে । মই পাৰিম।” তাইৰ চমু উত্তৰ।
“বাইদেউ, মই পইচা নলওঁ। এনেয়ে নিদিওঁ, দিয়ক।”- কুলিজনে তাই হাতৰ পৰা এটা বেগ আঁজুৰি ল’লে ।
এটা বেগ সংঘামিত্রাই, আন এটা বেগ কুলিজনে লৈ দুয়ো নির্দিষ্ট ডবাটোৰ ওচৰ পালেগৈ । তেখেতে দুয়োটা বেগ ডবাৰ ভিতৰলৈ সুমুৱাই দিলে । ৰেলখনে গতি ল’লে । কুলিজন ভিৰৰ মাজত হেৰাই গ’ল। মানুহজনক ধন্যবাদ এটা দিব নোৱৰাৰ দুখে সংঘমিত্রাৰ সুখী মনটোক পলকতে দুখী কৰি পেলালে । শ্ৰমৰ বাবদ কিবা দিয়াৰ সুযোগকণো হেৰুৱালে । অৱশেষত “এতিয়াও চৌপাশে ভাল মানুহ আছে!” – এই কথাষাৰ ভাবিলে তাই সুখী হৈ পৰে।