আকৌ লৃগাঙ পালেহি…- নন্দেশ্বৰ মিলি

pc.twitter

আকৌ লৃগাঙ পালেহি…

ফাগুনৰ পদূলিত
পছোৱা বা বলি
শিমলু ফুলি
দিলে আকৌ
লৃগাঙ অহাৰ আগজাননী।
তাঁতশালৰ পাটত বহি
ৰিঃবিঃ গাঃছেং,মিবু চোলা
আৰু মচাং এগে গাছৰত
ৰঙীণ তুলিকাৰে
সপোন ৰঁচা
গাভৰু-কনেঙহঁতৰ
দুওঁঠতো লৃগাঙ অহাৰ
গুণগুণনি…।
ঢোলৰ ছেও
বাঁহীৰ মাত
অইনিঃতমৰ সুৰ
গুমৰাগৰ ছন্দ
মুখৰিত হ’ল
গোটেই চৌপাশ ।
মিঠা আপঙৰ গোন্ধ
চাঙে চাঙে সুৱাসিত…
বৰা চাউল খুন্দি
তৰাপাতেৰে মেৰিয়াই
পুৰাং পিঠা-পনা
বনোৱাত ব্যস্ত
গাওঁৰ জীয়াৰী-বোৱাৰী…।

আকৌ লৃগাঙ পালেহি
সাৰ-পাই উঠিল
অৱনৰি বাকৰি।

(শব্দাৰ্থ ঃ
লৃগাঙ–মিচিংসকলৰ আলি-আই লৃগাং উৎসৱ ।
ৰিঃবিঃ গাঃছেং,মিবু চোলা– মিচিংসকলৰ জাতীয় সাজ-পোচাক।
মচাং এগে গাছৰ–মিচিং ছোৱালীসকলে পৰিধান কৰা চাদৰ-মেখেলা।
কনেঙ/কনেং– ছোৱালী, গাভৰু।
অইনিঃতম–মিচিংসকলৰ জনপ্ৰিয় গীত।
গুমৰাগ– আলি- আই লৃগাঙত নচা মিচিংসকলৰ নৃত্য।
আপঙ–মদ-পানীয়,সাজ-পানী।
চাঙে চাঙে–যিহেতু মিচিংসকলে চাংঘৰ বনায়। গতিকে ইয়াত  ঘৰে ঘৰে প্ৰতিধ্বন্যাত্মক শব্দৰ বিকল্প হিচাপে বহুওৱা হৈছে।
পুৰাং পিঠা– বৰাচাউল তিয়াই তৰাপাতেৰে মেৰিয়াই প্ৰস্তুত কৰা এবিধ পিঠা। লৃগাঙ উৎসৱত মিচিংসকলে তেনে পিঠা বনায়।
অৱনৰি—মিচিংসকলৰ  ভাষাত  সোঁৱণশিৰি নৈখনক অৱনৰি বুলি কয়।)

  নন্দেশ্বৰ মিলি
  ৮৬৩৮৮৮১৯৫৩