” মইনা কুটীৰ “- কৃষ্ণা কুমাৰী বৰা বৰ্মন

pc.pixabay

” মইনা কুটীৰ “(অণুগল্প)

উচ্চ শিক্ষিত ল’ৰাটো নাই বোলোতেই নাইকিয়া হ’ল।খবৰটো শুনি বাপেকটো বহা জেগাতে ঢলি পৰিল। মাকজনী পুতেক ঘূৰি অহাৰ আশাত বন্দীহৈ তিলতিলকৈ শেষ হ’ল।ওচৰ-চুবুৰীয়া মানুহে তেখেতৰ শেষকৃত্য সমাপন কৰি আহি বৰ বৰ হৰফেৰে এক মাত্ৰ পুতেকৰ নামেৰে লিখি ৰখা নামফলক খনলৈ চাই হুমুনিয়াহ এৰিলে !!

– কৃষ্ণা কুমাৰী বৰা বৰ্মন
চাপৰমুখ, নগাঁও ।