এজাক বৰষুণৰ আশাত… – নন্দেশ্বৰ মিলি

pc Facebook

এজাক বৰষুণৰ আশাত…

নন্দেশ্বৰ মিলি
হুজ ৰঙাগড়া গাঁও 
ডাক:ৰঙাগড়া হুজ
জিলা:নগাওঁ

এজাক বৰষুণৰ বাবে মই অধীৰ হেঁপাহেৰে
বহু সময় ৰৈ আছোঁ ইয়াতে।
সৌৱা দূৰৈত বগা বগা বগলী জাকে জাকে উৰিছে
এৰাল দিয়া গৰুবোৰেও মূৰ দাঙি দাঙি জোকাৰি আছে
বিৰিখৰ ডালে ডালে বান্দৰবোৰো জঁপিয়াই ফুঁৰিছে
আকাশতো গোমা গোমা গোন্ধ এটি বিয়পি পৰিছে
আৰু ইকৰাজোপাও হালি-জালি নৃত্য কৰিছে
বৰষুণজাক অহাৰ বতৰাকে দিছে নেকি বাৰু!
আহক আহক এজাক বৰষুণ আহক
খেতিয়ক ককায়েও এইজাক বৰষুণৰ কথাকে ভাবিছে ছাগে’!
শুকাই ছিৰাল ফটা মাটিডোখৰ হওঁক ৰসাল
ৰুই থোৱা কঠীয়াঁবোৰো শিপাই ধৰক সঁজাল
নাঙলৰ ফালেৰে চহোৱা কামটো হৈ পৰক কোমল।
বৰষুণজাক আহিলেই তাই মোৰ বাবে ৰৈ থাকে নঙলামুখত
এটি মিঠা হাঁহিৰ স’তে তাইৰ যৌৱনা অনুভৱ
প্ৰথম দেখিছিলোঁ এনে বতৰতে।
মই নাজানো আহিবনে নাই
মোৰ প্ৰিয় বৰষুণজাক।