এজন কমলা বেপাৰীলৈ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান

এজন কমলা বেপাৰীলৈ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ল ২০২০ চনৰ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান।পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এগৰাকী বিশেষ ব্যক্তিয়ে৷দেশৰ প্ৰকৃত নায়ক হৰেকলা হাজব্বালৈ আগবঢ়োৱা হ’ল দেশত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী।খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান।কৰ্ণাটকৰ মাংগালোৰ চহৰৰ এজন কমলা বিক্ৰেতা আছিল হৰেকলা হাজব্বা।হাজাব্বাই কমলা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে গড়ে ডেৰশ টকা।তেওঁৰ জন্মগাঁও নিউপাডাপুত বহুদিনলৈ নাছিল এখনো বিদ্যালয়। তেওঁ কমলা বিক্ৰী কৰা কিছু অংশ ধন জমা কৰি নিজৰ গাঁৱত ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়।এটা সাধাৰণ ঘটনাৰ পাছৰে পৰাই তেওঁ এখন বিদ্যালয় স্থাপন কৰাৰ সপোন দেখিছিল।কাৰণ এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীতে সোধাত হাজাব্বাই ক’ব পৰা নাছিল।ইংৰাজী নজনাৰ বাবে লাজ পোৱা হাজাব্বাই তেতিয়াই নিজৰ গাঁৱত এখন বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল।২০০০ চনত নিজৰ মাটিত সঞ্চিত ধনেৰে স্থাপন কৰা হাজাব্বাৰ বিদ্যালয়ত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৭৫ গৰাকী।এইজন অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হৰেকলা হাজব্বালৈ ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হ’ল দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী।