উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল অসম চৰকাৰৰ যুটীয়া সচিব

ৰঙিলী বাৰ্ত্তাসেৱা-  দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ৰাজ্য চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মাক আটক কৰিবলৈ সক্ষম হয়। অভিযুক্ত শৰ্মাই নিৰাপত্তা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে এজন অভিযোগকাৰীৰ পৰা ৯০,০০০ টকা উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে হাতে-লোটে ধৰা পেলায়।