উত্তৰ বিচাৰি চাৰিটা প্ৰহৰ – মুন শৰ্মা

PC - naturerelaxation
 উত্তৰ বিচাৰি চাৰিটা প্ৰহৰ
মুন শৰ্মা, লখিমপুৰ
থুই পাগলী জনী,, মানুহ জনীয়ে দৈনন্দিন শুনিব পোৱা এটা শব্দ। প্ৰতি বাৰেই ধেক, ধেক কৈ হাঁহি ম আঁতৰি গুচি যায়।কাৰণ তাই বুজি নাপায়, কিয় বা কলে  কাৰণ তাই যে পাগলী।এটা সময়ত অঞ্চলটোৰ ৰূপাৱতী, গুণৱতী, মেধাৱী চৰিত্ৰৱান ছোৱালী আছিল তাই। মহিলা হৈ ও সামাজিক কামত আগৰণুৱা। অঞ্চলৰ অভিনয় বুলি কলেই কি ৰাস!কি নাটক! সকলোতে তাইৰ অভিনয়  সকলোতকৈ আকৰ্ষণীয়, আকৌ অঞ্চলটোৰ বহাগী সন্মিলন বোৰত গীতৰ শৰাই ভাগ তাই নিদিলে নহয়ে শ্ৰোতা ৰাইজৰ অভাৱনীয় দাবীত।সকলো ঠিকেই আছিল, হঠাৎ তাই জীৱনলৈ  নামি আহিল অমানিশা,অঞ্চলটোত লাগিল হাহাকাৰ, পৰিয়ালত নামিল আঁতৰি নোযোৱা কলীয়া ডাৱৰ। এটি স্বাভাৱিক ৰঙীন পোহৰে আৱৰি থকা জীৱনে হঠাৎ আন্ধাৰে আৱৰা পথত ভৰি দিবলৈ বাধ্য হৈছিল।আচলতে কৰাইছিল বাধ্য,আৰু কৰোৱা কেইটা আছিল মানুহ ৰূপী দানৱ,সমাজৰ শত্ৰু। যাৰ হাতত অসহায় হৈ ধৰ্ষণৰ বলি হ’ব লগা হ’ল তাই। পিছত তাই ওপৰত সেই দানৱ হতে দাঙি ধৰিলে মিছা বদনাম,প্ৰচাৰ কৰিলে বহুতো মিছা প্ৰচাৰ। ফলত প্ৰকৃত সত্য লুকাই পৰিল উৰিল মাথোঁ তাই চৰিত্ৰহীন। কাৰণ সেই দানৱে বুজিছিল সিহঁত ৰক্ষা পোৱা একমাত্ৰ উপায় যে এইয়া।সময় বাগৰি গ’ল,কিছু দিন তাই লগত হৈ যোৱা ঘটনাটোৰ  আলোচনা অন্ত পৰিছিল মানুহৰ মুখত , ভাবিছিল এইয়া এক দুৰ্ঘটনা আছিল হৈ গ’ল কিবা দিন কাল বেয়া আছিল, এতিয়া তাই কিছুদিন মানসিক ভাবে  ভাগি পৰা পাছত আকৌ চৱল হৈ উঠিব আৰু আৰম্ভ কৰিব জীৱনৰ বাকী অধ্যায় বাবে এক নতুন যাত্ৰা। কিন্তু নহ’ল ভবা মতে কাৰণ এদিন পুলিচৰ অনুসন্ধানত সকলো স্পষ্টকৈ সকলো ওলায় পৰিছিল তথাপি তাইৰ আশে পাশে থকা মানুহ খিনিৰ মনত তাই এজনী চৰিত্ৰহীন বুলিয়েই   বহি ললে গভীৰ ভাবে।তাই যতেই যায় তাতেই  হয় তাইৰ বিষয়ে আলোচনা। তাই এনেকুৱা, তাই তেনেকুৱা। নাহে কোনো সামাজিক কামত তাইক বিচাৰি আৰু কোনো কোনো দিন, আগেই যাৰ তাই আপোন আছিল তাই লগ সমনীয়া আত্মীয় কুটুম ওচৰ চুবুৰীয়া সকলো এৰিলে তাইৰ সংগ।  মানুহৰ উপলুঙা, হেই জ্ঞান, লেই লেই,চেই চেই বোৰেই আৰম্ভ  কৰিলে , জীৱনটো নতুনকৈ  উপভোগ কৰিম বুলি উঠি অহা ছোৱালী জনীক আকৌ মানসিক ভাবে অশান্ত।ফলত ইয়েই কৰি পেলালে তাইক এজনী মানসিক ৰোগী।ভুল নাছিল তাইৰ ভুল কৰিছিল কেইটামান সমাজৰ বৰ মানুহে কিন্তু শাস্তি খালে তাইহে। সকলো জানিও সেই সমাজ খনে চকু মুদি তাইক হে কৰিলে মানসিক ভাবে অত্যাচাৰ। পাহৰি গ’ল সমাজ খনে  সমাজৰ অংশীদাৰ হিচাপে  তাইৰ জীৱনটো আকৌ আৰম্ভ কৰাৰ বাবে কৰিব কৰিব লগা সহযোগিতাৰ কথা।সমাজ খনে নকৰিলে তাইক এই সহায়, বিপৰীতে তাইৰ জীৱনটোক আৰু ঠেলি দিলে আন্ধাৰৰ দিশলৈ বুলি।ভাবিছোঁ আজি বহুত নিশা তাই কথা বোৰ, যিবোৰ মোক আজি আবেলি বজাৰত মোৰ বন্ধু এজনে কৈছিল।সময় কিমান হ’ল গমেই নাপালোঁ, পত্নীৰ টোপনি নাই যোৱা বুলি জানি দিয়া ধমকত হে ভাবিব এৰিলোঁ। ভাবনাত বিভূৰ এই সময় খিনিত মোৰ মনত নামিছে বহুতো প্ৰশ্ন কিন্তু কোনোটোৰে উত্তৰ মই বিচাৰি নাপালো। প্ৰশ্ন বোৰ  মূলতে আছিল মানুহ বোৰৰ দায়িত্ব কি! কৰিলে কি!  এক নুবুজা সাঁথৰ হৈ ভাঁহি থাকিল উৰে নিশা মোৰ মনত  এইবোৰ প্ৰশ্ন অহৰহ।