উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ত কংগ্ৰেছত চলিছে পদত্যাগৰ যো-জা

pc India TV News

 উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ত কংগ্ৰেছত চলিছে পদত্যাগৰ যো-জা

 অনলাইন বাৰ্ত্তাসেৱা – মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা মুকুল চাংমাই যোগদান কৰিব শীঘ্ৰেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ (টি এম চি)ত। জ্যেষ্ঠ নেতা মুকুল চাংমাৰ সৈতে কমেও ১৩জন কংগ্ৰেছী বিধায়কে পশ্চিমবংগৰ শাসিত দল টি এম চিত যোগদান কৰিব। টি এম চিৰ শীৰ্ষ নেতৃত্বৰ গোপন সূত্ৰত প্ৰকাশ পোৱা মতে আজিৰ দিনটোত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্রী জ্যেষ্ঠ কংগ্ৰেছ নেতা চাংমাসহ ১৩ বিধায়কে টি এম চিত যোগদানৰ আনুষ্ঠানিক ঘোষণা কৰিব।