অনলাইন বাৰ্ত্তাসেৱা – ‘উড়ান’ কাৰ্যসূচীৰ অধীনত আৰম্ভ কৰা হৈছে ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ বিমানসেৱা।ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ইম্ফললৈ বিমান যাত্ৰাত সময় লাগিব ১ ঘণ্টা ১৫ মিনিট।।সম্প্ৰতি ডিব্ৰুগড়ৰ পৰা ইম্ফললৈ চলি আছে ৯ খনকৈ বিমান। ডিব্ৰুগড়ৰ বিমান বন্দৰৰ পৰা প্ৰতিদিনে যাত্ৰা কৰে প্ৰায় ১২,০০ ব্যক্তিয়ে।এই বিমান সেৱা মুকলিৰ ফলত যাত্ৰীসকলৰ যথেষ্ট সুবিধা হ’ব বুলি আশা কৰা হৈছে। এই বিমান সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিমানবন্দৰ সঞ্চালক আৰ অৱস্থী।
উড়ান’ কাৰ্যসূচীৰ অধীনত আৰম্ভ ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ বিমানসেৱা
